অসম

assam

ETV Bharat / state

আইৰ সংহাৰী ৰূপঃ 48 ঘণ্টাত 50 টাকৈ ঘৰ বিলীন আইৰ বুকুত - আইৰ সংহাৰী ৰূপ

যেনিয়েই চাই একেই দৃশ্য বা পৰিণাম, ইমানৰ পিছতো খবৰ নাই জিলা প্ৰশাসনৰ কোনো লোকৰ ৷ সাহাৰ্য প্ৰাপ্তিৰ আশা নহয় কেৱল নৈপৰীয়া লোকৰ দশা এবাৰ চাই যাবলৈ প্ৰশাসনক কাতৰ অনুৰোধ ৰাইজৰ ৷

বঙাইগাঁও

By

Published : Jul 15, 2019, 12:25 PM IST

বঙাইগাঁও, 15 জুলাইঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ড তথা বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ৬ নং ভাণ্ডাৰাত অব্যাহত আছে গৰাখহনীয়াৰ কালৰূপ । আই নদীৰ খৰস্ৰোতা বাঢ়নী পানীৰ তীব্ৰ সোঁতৰ ফলত সৃষ্টি হৈছে গৰাখহনীয়াৰ তাণ্ডৱ । কেমেৰাৰ সন্মুখতে আইনদীৰ বুকুত জাহ গৈছে একোখনকৈ গাওঁ । চপৰা চপৰে খহিছে গৰা । প্ৰায় ৫০ টাৰো অধিক বাসগৃহ ইতিমধ্যে আইনদীৰ বুকুত জাহ গৈছে । চকুৰ সমুখতে নদীৰ বুকুত জাহ গৈছে চহা কৃষকৰ খেতি পথাৰ , নৈয়ে উটুৱাই নিছে বহু ঘৰ ৷ ফলত শোকত ভাগি পৰিছে নৈপৰীয়া লোকসকল ।

বঙাইগাঁও

কিন্তু যেনিয়েই চাই একেই দৃশ্য বা পৰিণাম, ইমানৰ পিছতো খবৰ নাই জিলা প্ৰশাসনৰ কোনো লোকৰ । বঙাইগাঁও জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক অনুৰোধ কৰিও একো ফল পোৱা নাই ভুক্তভোগী ৰাইজে ৷ সাহাৰ্য প্ৰাপ্তিৰ আশা নহয় কেৱল নৈপৰীয়া লোকৰ দশা এবাৰ চাই যাবলৈ প্ৰশাসনক কাতৰ অনুৰোধ ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details