মাণিকপুৰ,15 মে’ :বঙাইগাঁও জিলাৰমাণিকপুৰৰ আওলাগুৰী, কুছলাগুৰী আৰু চৌৰাগুৰী উপ, স্বাস্থ্য কেন্দ্ৰত ক’ভিড ভেকচিন প্ৰদানৰ নামত চলিছে ক’ভিড নীতিৰ অৱমাননা ।
বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমা স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰম্ভ কৰা 18 বছৰৰ পৰা 44 বছৰলৈকে আওলাগুৰী, চৌৰাগুৰী আৰু কুছলাগুৰী উপ স্বাস্থ্য কেন্দ্ৰত ভেকচিন প্ৰদান শিবিৰত নাই কোনো সামাজিক দূৰত্ব ৷ আনকি, ভেকচিন লোৱা সকলৰ বাবে জিৰনিৰো কোনো সুব্যৱস্থা নাই ৷ আনহে নালাগে, চেনিটাইজাৰৰ ব্যৱস্থাও নাই ভেকচিন প্ৰদান কেন্দ্ৰ কেইটাত ।