বঙাইগাঁও, 19 নৱেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক শিক্ষাৰ্থীয়ে ৷ মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত পাঠদান আৰম্ভ কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষাৰ্থীসকলে ৷
বঙাইগাঁৱত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ - অসম চৰকাৰ
মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত পাঠদান আৰম্ভ কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে শিক্ষাৰ্থীসকলে ৷ শীঘ্ৰেই মহাবিদ্যালয়খনত পাঠদান আৰম্ভ নকৰিলে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ৷
বঙাইগাঁৱত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ
মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত মদৰ বটল দম থকাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ৷ অসম চৰকাৰ হায় হায়,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,ছাত্ৰ ছাত্ৰীৰ জীৱন লৈ হেতালি খেলা নচলিব আদি শ্ল'গান দি প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে পৰিৱেশ ৷
শীঘ্ৰেই মহাবিদ্যালয়খনত পাঠদান আৰম্ভ নকৰিলে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ প্ৰদান কৰিছে শিক্ষাৰ্থী সকলে।
লগতে পঢ়ক: পৰাগ ভূঞাক ন্যায় প্ৰদানৰ দাবীত CITU ৰ প্ৰতিবাদ