অসম

assam

ETV Bharat / state

উত্তৰ অভয়াপুৰীত বাঢ়নী পানীয়ে ব্যাহত কৰিছে জনজীৱন - উত্তৰ অভয়াপুৰী

মানাহ নদীৰ (manah river) বাঢ়নী পানীয়ে উটুৱাই নিলে নাৰাৰভিটা আৰু মইনাপাৰা সংযোগী বাহৰ দলং। স্তব্ধ যাতায়ত ব্যৱস্থা ৷ কাণসাৰ নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ ৷

উত্তৰ অভয়াপুৰীত বাঢ়নী পানীয়ে ব্যাহত কৰিছে জনজীৱন
উত্তৰ অভয়াপুৰীত বাঢ়নী পানীয়ে ব্যাহত কৰিছে জনজীৱন

By

Published : Jun 30, 2021, 6:02 PM IST

মানিকপুৰ, 30 জুন :দেশত মহামাৰী ক’ভিড-19ৰ (COVID-19) ভয়াৱহতাই ধাৰণ কৰিছে জটিল ৰূপ ৷ তাৰ মাজতে ৰাজ্যবাসী সাজু হ’ব লগা হৈছে বানৰ (FLOOD) সৈতে মোকাবিলা কৰিবলৈ ৷ কিয়নো বাৰিষা অহাৰৰ লগে লগে ৰাজ্যৰ বান পৰস্থিতিয়ে কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া আমাৰ সকলোৰে জ্ঞাত ৷ ইপিনে আজি কেইবা দিনধৰি নেৰানেপেৰা কৈ পৰি থকা বৰষুণৰ ফলত মানাহ আৰু আই নদীৰ লগতে সূঁতি সমূহৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰিছে ৷ এনে দৰে বাঢ়ি অহা নদীৰ পানী আৰু প্ৰৱল সোঁতে ঠায়ে ঠায়ে বিপদ ঘন্টা বজাইছে ৷

যাৰফলত এতিয়া উত্তৰ অভয়াপুৰী সমষ্টিৰ বিভিন্ন ঠাইত ৰাস্তা, মথাউৰী, কালভাৰ্টৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে । উল্লেখযোগ্য যে, বুধবাৰে মানাহ নদীৰ ওপৰত থকা নাৰাৰভিটা আৰু মইনাপাৰা সংযোগী বাঁহৰ দলং খন উটুৱাই লৈ যায় । নাৰাৰভিটা মইনা পাৰা সংযোগী আছিল এই এক মাত্ৰ বাঁহৰ দলং খন । সম্প্ৰতি কুৰি খনৰো অধিক গাঁৱৰ লোকে অহাযোৱা কৰাৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে ।

উত্তৰ অভয়াপুৰীত বাঢ়নী পানীয়ে ব্যাহত কৰিছে জনজীৱন

মনকৰিবলগীয়া যে, নিতৌ এই দলংখনৰ ওপৰেদি স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী বিষয়া কৰ্মচাৰী অহা যোৱা কৰাৰ উপৰিও কৃষকৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ ফলত কৃষকে উপযুক্ত মূল্যৰ লাভ কৰাৰ পৰাও বঞ্চিত হৈ ৰৈছে ৷ স্থানীয় ৰাইজৰ অভিযোগ আজি পৰ্যন্ত এই দলংখন নিৰ্মাণৰ বাবে কোনো জনপ্ৰতিনিধি আৰু চৰকাৰ প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা নাই । উপায়ুন্তৰ হৈ স্থানীয় ৰাইজে অতি শীঘ্ৰে দলং খন নিৰ্মাণ কৰিবলৈ চৰকাৰ আৰু স্থানীয় বিধায়ক আহ্বান জনাইছে ৷

উল্লেখযোগ্য যে, চৰকাৰে এই সমূহ অঞ্চলত বান সমস্যা সামাধান কৰিব বুলি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে কিন্তু বছৰৰ পাচত বছৰ গৈছে ইখনৰ পাচত সিখন চৰকাৰ আহিছে গৈছে কিন্তু ইয়াৰ মাজত ৰাইজৰ সমস্যা যেন সমস্যা হৈয়ে আছে ৷ নিৰ্বাচন গ’লে সকলো নেতাৰ মুখৰ কথাৰ গুৰুত্ব নোহোৱা হয় বুলি ক্ষোভ উজাৰে ভুক্তভোগী বানাক্ৰান্তই ৷ একেদৰে এই অঞ্চলসমূহত যাতায়ত, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী, ভূমি পট্টনৰ লগতে অনাময় আঁচনিৰ ব্যৱস্থাও কৰি দিয়া নাই চৰকাৰে ৷

বছৰৰ বাৰমাহেই কষ্টকৰ জীৱন অতিবাহিত কৰি আহিছে অঞ্চলবাসীয়ে । অতি শীঘ্ৰেই এই অনুন্নত আৰু পিছপৰি ৰোৱা অঞ্চলসমূহৰ বাট-পথ, বিশুদ্ধ খোৱা পানী, উন্নত বিদ্যুৎ সেৱা, অনাময় ব্যৱস্থাকে আদিকৰি বিভিন্ন জ্বলন্ত সমস্যা সমূহ সমাধানৰ ব্যৱস্থা ল'বলৈ নৱ নিৰ্বাচিত চৰকাৰ, জনপ্ৰতিনিধি সকলক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ বছৰটোৰ প্ৰথমটো বানত জোনাইৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত

ABOUT THE AUTHOR

...view details