বঙাইগাঁও, ১১ ছেপ্টেম্বৰ: ২০২০ চনৰ পৰাই সমগ্ৰ দেশতে ক'ভিড-১৯ মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে । মহামাৰীৰ কবলত পৰি দেশত লাখ লাখ লোকে প্ৰাণ হেৰুৱাইছে । নিজৰ জীৱন তুচ্ছ কৰি ক'ভিড ৰোগীক সেৱা আগবঢ়াই বহু স্বাস্থ্য কৰ্মীয়েও প্ৰাণ হেৰুৱাবলগীয়া হৈছে । তথাপিও স্বাস্থ্য কৰ্মীসকল হতাশ হোৱা নাই । নিস্বাৰ্থভাৱে ক'ভিড আক্ৰান্ত ৰোগীক সেৱা আগবঢ়াই সুস্থ কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে ।
সেয়ে, ক'ভিড যোদ্ধাসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকক উৎসাহ যোগোৱাৰ উদ্দেশ্যে শুকুৰবাৰে মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে । বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু মহকুমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সকলো ক'ভিড যোদ্ধাক মাণিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই সম্বৰ্ধনা অনুষ্ঠানত ক'ভিড যোদ্ধাসকলক ফুলাম গামোচা, কলম আৰু মানপত্ৰৰে সন্মানিত কৰে ছাত্ৰ সংগঠনটোৱে ।