অসম

assam

ETV Bharat / state

মানিকপুৰত মানাহ নদীৰ গৰাখহনীয়াত স্তব্ধ যাতায়াত - মানাহ নদী

মানিকপুৰৰ 5 নং বাশবাৰী (bansbari)ত গৰাখহনীয়া (Erosion)ৰ তাণ্ডৱ । মানাহ নদী (Manas River)ৰ বুকুত বিলীন হৈছে কেইবাখনো গাঁও । গৰাখহনীয়া ৰোধৰ লগতে দলং নিৰ্মাণৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

erosion-in-manikpur
গৰাখহনীয়াত স্তব্ধ যাতায়াত

By

Published : Jun 14, 2021, 5:20 PM IST

অভয়াপুৰী,14 জুন : বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মানিকপুৰৰ 5 নং বাশবাৰী (bansbari)ত তাণ্ডৱ সৃষ্টি কৰিছে মানাহ নদী (Manas River)ৰ গৰাখহনীয়া (Erosion)ই । মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৃহত্তৰ বাশবাৰী অঞ্চলত বহু বছৰ ধৰি মানাহ নদীৰ গৰাখহনীয়াৰ ফলত 4-5 খন গাঁও ইতিমধ্যে নদীৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে । সম্প্ৰতি 5 নং বাশবাৰীত সংহাৰী ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই ।

উল্লেখ্য যে, গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছে স্থানীয় ৰাইজে । গাঁৱৰ পৰা বাঁহ সংগ্ৰহ কৰি নদীৰ মাজত পুতি গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে ভুক্তভোগী ৰাইজে । কিয়নো প্ৰতিবছৰে সাংসদ, বিধায়ক আহি গৰাখহনীয়া পৰিদৰ্শন কৰিছে যদিও কোনো জনপ্ৰতিনিধিয়ে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যাৱস্থা গ্ৰহণ কৰা নাই ।

গৰাখহনীয়াত স্তব্ধ যাতায়াত

ইফালে বাশবাৰী পাৰঘাটত মানাহ নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলংখন ভাঙি যোৱাত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে ৰাইজে । মানিকপুৰৰ বাশবাৰী কীৰ্ত্তন পাৰা হৈ অভয়াপুৰীলৈ যোৱাৰ একমাত্ৰ ভৰসা এই বাঁহৰ দলংখনৰ ঠাইত এখন কাঠৰ দলং নিৰ্মাণ কৰিবলৈ ৰাইজে বহু দিনৰ পৰাই জনপ্ৰতিনিধিক দাবী উত্থাপন কৰি আহিছে । বাশবাৰীবাসী ৰাইজৰ এই দাবী পূৰণ কৰিবলৈ সাংসদ, স্থানীয় বিধায়ক আগবাঢ়ি আহিবনে নাই সেয়া সময়তহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক :নলবাৰীত হিন্দু জাগৰণ মঞ্চ অসমৰ উদ্যোগত ৰক্তদান শিবিৰ

ABOUT THE AUTHOR

...view details