বঙাইগাঁও, ৫ ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ পাতিলাদহাত কোচ ৰাজবংশী জাতীয় পৰিষদৰ উদ্যোগত আৰু পাতিলাদহা আঞ্চলিক কোচ ৰাজবংশী পৰিষদ আৰু পাতিলাদহা কোচ ৰাজবংশী জাতীয় মহিলা পৰিষদৰ সহযোগত পাতিলাদহা দুৰ্গা মন্দিৰ প্ৰাংগন আৰু ক্ষেত্ৰত ৫১৩ তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় । কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনে কোচ ৰাজবংশী জাতীয় পৰিষদৰ পতাকা উত্তোলন কৰি বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে(Mahabir Chilarai 513rd birth anniversary) ।
মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বৰ্মনে বিশ্ব মহাবীৰ গৰাকীৰ অৱদানক সুঁৱৰি বিশ্ব মহাবীৰগৰাকীৰ আদৰ্শৰে কোচ ৰাজবংশী জাতিক ঐক্যবদ্ধ হৈ জাতিৰ কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় । দিৱসৰ সাংস্কৃতিক পতাকা উত্তোলন কৰে কোচ ৰাজবংশী জাতীয় পৰিষদৰ উপদেষ্টা তথা ৫১৩ তম বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ(Bir Chilarai Divas 2023) অভ্যৰ্থনা সমিতিৰ সভাপতি সতীশ পাটগিৰিয়ে । বিশ্ব মহাবীৰগৰাকীৰ প্ৰতিমূৰ্তিৰ মাল্যাৰ্পণ কৰে অভ্যৰ্থনা সমিতিৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট শিক্ষাবিদ জগদিশ ৰায়ে । শ্বহীদ বেদীত শ্বহীদ তৰ্পন অনুষ্ঠান মুকলি কৰে দ্বিপেন চন্দ্ৰ ৰায়ে ।
বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও এখন বাৰেবৰণীয়া বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰতিযোগিতাৰো অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাখনি উন্মোচন কৰে কে এল অ' শান্তি কমিটীৰ অন্যতম সদস্য তথা মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱে । তেখেতে আগন্তুক দিনত কোচ ৰাজবংশী ৰাইজে ভাল খৱৰ পাব বুলি দৃঢ়তাৰে উল্লেখ কৰি সেই সময়লৈকে ধৈৰ্য ধৰিবলৈ ৰাইজক আহ্বান জনায় ।