অসম

assam

ETV Bharat / state

ৰাজ্যত পুনৰ সাম্প্ৰদায়িকতাৰ ঘটনা... গৰু চোৰ সজাই মাৰ ধৰ মুছলমান ধৰ্মাৱলম্বী চালকক - DRIVER BEATEN

মাণিকপুৰৰ বেচিমাৰিত গাড়ীৰ চালক গৰুচোৰ সজাই মাৰধৰ একাংশ উদাণ্ড যুৱকৰ ৷ মাৰপিট কৰাৰ লগতে জ্বলাই মাইনউদ্দীন লোকজনৰ বাহন

গৰু চোৰ সজাই মাৰ ধৰ মুছলমান ধৰ্মাবলম্বী চালকক

By

Published : Apr 19, 2019, 3:16 PM IST

Updated : Apr 19, 2019, 4:51 PM IST

মাণিকপুৰ, 19 এপ্ৰিলঃ মাণিকপুৰৰ বেচিমাৰিত গৰুচোৰ বুলি অভিযোগ তুলি মাৰপিট গাড়ীৰ চালকক ৷ চালকজন কলগাছিয়াৰ দাবনদীয়া গাঁৱৰ মাইনউদ্দীন । একাংশ উদণ্ড যুৱকে নিশা দাবী কৰা ২০ হেজাৰ টকা নিদিয়াৰ বাবেই গৰু চোৰৰ অভিযোগ আনি মাৰপিট কৰে চালকজনক । লগতে উদণ্ড লোক কেইজনে জ্বলাই দিয়ে মাইনউদ্দীনৰ AS 15AC 1760 নম্বৰৰ বাহনখন ৷ পিচত মাণিকপুৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় চালকজনক ।

ৰাজ্যত পুনৰ সাম্প্ৰদায়িকতাৰ ঘটনা

বিশ্বনাথ চাৰিআলিৰ অমানৱীয় ঘটনাৰ পিচত এইবাৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেচিমাৰী গাঁৱত সংঘটিত হৈছে আন এক সাম্প্ৰদায়িক ঘটনা । এইবাৰ মাংস বিক্ৰীৰ বাবে নহয় । এইবাৰ মুছলিম সম্প্ৰদায়ৰ লোক হোৱাৰ বাবে চান্দাৰ নামত দাবী কৰা ২০ হেজাৰ টকা নিদিয়াৰ বাবেই গৰু চোৰৰ অভিযোগ আনি মাৰধৰ মাইনউদ্দীন নামৰ চালকজনক ৷

উল্লেখ্য যে, বঙাইগাঁও জিলাৰ বাংলাপাৰাত চিমেণ্ট নমাই ঘৰলৈ আহি থকা অৱস্থাত বেচিমাৰী চকত নিশা ৮:৩০ মান বজাত কেইজনমান উদণ্ড যুৱকে গাড়ীখন ৰখাই মাইনউদ্দীনক নাম সোধাৰ পাচতেই বিভিন্ন গালি-গালাছ পাৰি ২০ হেজাৰ টকা চান্দা দাবী কৰে । চান্দা দিব নোৱাৰাত গৰু চোৰ বুলি মাৰপিট কৰি ভুক্তভোগী চালক জনৰ বাহনখন জ্বলাই দিয়ে । পিচত মাণিকপুৰ আৰক্ষীৰ উদ্যোগত মাইনউদ্দীনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

Last Updated : Apr 19, 2019, 4:51 PM IST

ABOUT THE AUTHOR

...view details