অসম

assam

ETV Bharat / state

constituency delimitation 2023: অসমীয়া ভূমিপুত্ৰৰ প্ৰধান শত্ৰু হিমন্ত বিশ্ব শৰ্মা; লুৰীণজ্যোতি গগৈ - অসম জাতীয় পৰিষদ

"খচৰাখনৰ গোটেই নক্সাটো দেখিলেই বুজা যায় যে ইয়াত হিন্দু-মুছলমান ভাগ ভাগ কৰা হৈছে ৷ আমাৰ কথা হৈছে স্বদেশী-বিদেশী ৷ আমি হিন্দু মুছলমানক ভাগ ভাগ কৰিব বিচৰা নাই ৷"- লুৰীণজ্যোতি গগৈ

Lurinjyoti Gogoi press meet on constituency delimitation 2023
সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত BJP, RSS জড়িত আছে - লুৰীণজ্যোতি গগৈ

By

Published : Jul 23, 2023, 4:24 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত BJP, RSS জড়িত আছে - লুৰীণজ্যোতি গগৈ

গুৱাহাটী, ২৩ জুলাই: "মুখ্যমন্ত্ৰীয়ে খচৰা প্ৰকাশ কৰোঁতে যিটো হৰ্ষোল্লাস কৰিছে এনেকুৱা লাগিছে যেন সেইখন খচৰা নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে কৰা নাই, কোনোবা এগৰাকী অশোক সিংহল নামৰ মন্ত্ৰীৰ হাতত অসমৰ মানুহৰ ৰাজনৈতিক ভৱিষ্যত এৰি দি বনোৱা হৈছে ৷ যিবোৰ বিধি-ব্যৱস্থা চক্ৰ বিষয়া, জিলা আয়ুক্তই ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি বিভিন্ন ধৰণৰ মেপ লৈ, জনগাঁঠনি অধ্যয়ন কৰি, চোৱা-চিতা কৰি কাম-কাজ কৰিব লাগে ৷ খচৰাখনৰ গোটেই নক্সাটো দেখিলেই বুজা যায় যে ইয়াত হিন্দু-মুছলমান ভাগ ভাগ কৰা হৈছে ৷ আমাৰ কথা হৈছে স্বদেশী-বিদেশী ৷ আমি হিন্দু মুছলমানক ভাগ ভাগ কৰিব বিচৰা নাই ৷" অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই মন্তব্য প্ৰকাশ কৰে ৷

দেওবাৰে জয়ানগৰস্থিত নিজ বাসগৃহত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত সংবাদমেল সম্বোধন কৰে গগৈয়ে ৷ সংবাদমেলখনত গগৈয়ে কয়, "আমি নিৰ্বাচনী আয়োগক বিৰোধী ঐক্য মঞ্চ তথা অসম জাতীয় পৰিষদৰ ফালৰ পৰা এখন আবেদন প্ৰদান কৰিছো ৷ মুখ্যমন্ত্ৰীৰ শেহতীয়াকৈ মন্তব্য প্ৰকাশ কৰা 30 বছৰৰ বাবে খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষা কৰাৰ আমি বিৰোধিতা জনাইছো ৷ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত আমি আশাবাদী ৷"

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে এখন শুদ্ধ NRC ৰ প্ৰস্তুতৰো সংবাদমেলত আহ্বান জনাই গগৈয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোত ক'ৰবাত নহয় কৰ'বাত BJP, RSS জড়িত আছে ৷ 24 ৰ আগতে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বই লাগিব বুলি ক'তো উল্লেখ নাই। ভিত্তিবৰ্ষক লৈ বিজেপীয়ে ৰাজনীতি কৰিছে ৷ ন্যায়পালিকা, নিৰ্বাচনী আয়োগ সন্মানীয় অনুষ্ঠান ৷ এই ধাৰা অটুত ৰাখক ৷ সাংবিধানি ৰক্ষা কৱচ, NRC ৰ সকলো কথাত গুৰুত্ব আমি দিছো বুলি সদৰী কৰে লুৰীণজ্যোতি গগৈয়ে ৷

মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এয়া ভূমিপুত্ৰৰ বাবে ৰক্ষা কৱচ নহয় ৷ যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি 30 বছৰলৈকে যদি ভূমিপুত্ৰ সুৰক্ষিত হৈ থাকে তাৰ পিচত ত্ৰিপুৰাৰ দৰে অৱস্থা হ'ব নেকি ? অসমীয়া ভূমিপুত্ৰৰ প্ৰধান শত্ৰু হিমন্ত বিশ্ব শৰ্মা বুলিও সংবাদমেলত কটাক্ষ কৰে লুৰীণজোতি গগৈয়ে ৷

লগতে পঢ়ক:Turbulent Manipur: দুৰ্বৃত্তই জীৱন্তে জ্বলালে মুক্তিযোদ্ধাৰ ৮০ বছৰীয়া পত্নীক

ABOUT THE AUTHOR

...view details