বঙাইগাঁও, 12 ফেব্ৰুৱাৰী:বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে জিলাখনত অনুষ্ঠিত এক ঋণ মেলাত পাঁচ শতাধিক হিতাধিকাৰীৰ মাজত মুঠ বাৰ কোটি টকাৰ ঋণ বিতৰণ কৰা হয় ৷ জিলা খনৰ নিবনুৱা সকলকে ধৰি অন্যান্য হিতাধিকাৰী সকলৰ মাজত জিলা উপায়ুক্ত এম.এছ লক্ষ্মীপ্ৰিয়াই ঋণ সমূহ বিতৰণ কৰে ৷
জানিব পৰা মতে ভাৰতীয় ষ্টেট বেংক, অসম গ্ৰামীণ বিকাশ বেংককে ধৰি অন্য বেংক সমূহে এই বাৰ কোটি ঋণৰ যোগান ধৰিছে ৷ শুকুৰবাৰে অনুষ্ঠিত ঋণ মেলাত চেক যোগে হিতাধিকাৰী সকলৰ মাজত ঋণ প্ৰদান কৰা হয় ৷