মাণিকপুৰ, 25 নৱেম্বৰ :সমগ্ৰ ৰাজ্যতে শুকুৰবাৰে জাতীয় নায়ক বীৰ লাচিত বৰফুকনৰ 401 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা হয় ৷ বীৰ লাচিত সেনা অসমৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে অসমীয়া জাতিৰ মহানায়ক লাচিত বৰফুকনক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷
উল্লেখ্য যে, মাণিকপুৰ অৰ্দ্ধ সাপ্তাহিক বজাৰ গৃহত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে বীৰ লাচিতৰ জন্ম জয়ন্তী উদযাপন কৰা হয় ৷ পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ হয় ৷ তাৰ পাচতে ‘খিলঞ্জীয়া জাগৰণ যাত্ৰা’ নামেৰে এক বিশাল সমদল বাহিৰ কৰা হয় ৷
27 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ মাণিকপুৰ তিনিআলি মাজেৰে গৈ উদযাপনস্থলীত খিলঞ্জীয়া জাগৰণ যাত্ৰাৰ অন্ত পৰে ৷ এই জাগৰণ যাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা-কৃষ্টিৰ সাজপাৰ পৰিধান কৰি শ শ লোকে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় ৷ যাত্ৰাৰ অন্তত মুকলি সভা আৰু নৱপ্ৰজন্মৰ প্ৰতি সমৰ্পিত গীত মাতৰ জৰিয়তে অনুষ্ঠানটো অনুষ্ঠিত হয় ৷