বঙাইগাঁও,৭ জানুৱাৰী: বৃহস্পতিবাৰে বঙাইগাঁৱত ৰাজ্য চৰকাৰৰ কৃতজ্ঞতা আঁচনি কাৰ্যকৰী কৰা হয় । এই আঁচনিৰ অধীনত অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীলৈ অৱসৰকালীন সা-সুবিধা লাভৰ বাবে প্ৰমাণপত্ৰ আগবঢ়োৱা হয় । কৃতজ্ঞতা আঁচনি কাৰ্যকৰীকৰণৰ লগত সংগতি ৰাখি বীৰঝোৰা ৰাজহুৱা পুথিভঁৰালত এক অনুষ্ঠানৰো আয়োজন কৰা হয় । এই অনুষ্ঠানত জিলাখনৰ ২৩ জন অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীলৈ অৱসৰকালীনভাৱে সা-সুবিধা লাভৰ বাবে একোখনকৈ প্ৰমাণপত্ৰ আগবঢ়োৱা হয় ।
বঙাইগাঁৱত ৰাজ্য চৰকাৰৰ কৃতজ্ঞতা আঁচনিৰ শুভাৰম্ভণি
বঙাইগাঁৱত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কৃতজ্ঞতা আঁচনিৰ বৃহস্পতিবাৰে শুভাৰম্ভণি কৰা হয় । জিলাখনৰ ২৩ জন অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীলৈ অৱসৰকালীনভাৱে সা-সুবিধা লাভৰ বাবে প্ৰমাণপত্ৰ আগবঢ়োৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকে পেঞ্চন বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী ।
অনুষ্ঠানত উপস্থিত থাকে পেঞ্চন বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী । আঁচনিৰ জৰিয়তে জিলাখনৰ কৰ্মচাৰীসকলে পূৰ্বৰ দৰে অসৱৰ গ্ৰহণৰ পিছত হাৰাশাস্তি ভোগাৰ পৰা ৰক্ষা পৰিব । আঁচনি অনুসৰি, কৰ্মচাৰীসকলৰ অৱসৰৰ এবছৰ পুৰ্বৰে পৰা যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰাৰ বাবে প্ৰস্তুতি চলাব সংশ্লিষ্ট বিভাগটোৱে আৰু অৱসৰ গ্ৰহণৰ লগে লগে সকলো সুবিধা ভোগ কৰিব পাৰিব অসৱৰপ্ৰাপ্ত লোকসকলে ।
প্ৰথম পৰ্যায়ত জিলাখনৰ কেৱল শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক আঁচনিখনে সামৰি লৈছে যদিও পৰ্যায় ক্ৰমে সকলো বিভাগক সামৰি ল'ব বুলি জনায় বিভাগীয় মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । অনুষ্ঠানত পেঞ্চন বিভাগৰ কাৰিকৰী সঞ্চালক,এন আই চিৰ বিষয়া,জিলা উপায়ুক্ত ড০ এম এচ লক্ষ্মীপ্ৰিয়া,জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে অন্যান্য বিভাগৰ মুৰব্বী বিষয়াসকল আৰু বিভিন্ন বিদ্যালয়ৰ মুৰব্বীসকল উপস্থিত থাকে।
লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত টিংখাঙত আছুৰ মানৱ শৃংখল