বঙাইগাঁও, 22 জানুৱাৰী:বিটিআৰৰ পৰা অনাবড়ো গাঁওসমূহ শীঘ্ৰে কৰ্তন কৰাৰ দাবীৰে শুকুৰবাৰে বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ আহ্বানত এক বিশাল গণ সমাবেশ অনুষ্ঠিত হয় ৷
কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ আৰু সাংবিধানিক সুৰক্ষা প্ৰদানৰ দাবী মূলতঃ বিটিআৰৰ পৰা কোচ ৰাজবংশী তথা অনাবড়ো গাঁওসমূহ কৰ্তন কৰাৰ লগতে যোগ্য ব্যক্তিক লৈ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ দাবীৰে সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ আহ্বানত হাজাৰৰো অধিক লোকে গণ সমাৱেশত অংশ লয় ৷
যোগ্য সংগ্ৰামী ব্যক্তিক লৈ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী সমাৱেশত অংশ লৈ কোচ ৰাজবংশী লোকসকলে তেওঁলোক অস্তিত্বৰ সংকটত ভোগা বুলি জনোৱাৰ লগতে কোচ ৰাজবংশী লোকসকলক শীঘ্ৰে জনজাতিকৰণ কৰাৰ লগতে সাংবিধানিক সুৰক্ষা প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰে ৷
নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী গাঁওসমূহ বিটিআৰৰ পৰা কৰ্তন কৰাৰ ক্ষেত্ৰত চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাই সমাবেশত অংশ লোৱা নেতা সকলে বিটিআৰ চুক্তিৰ জড়িয়তে যুক্তি সংগত গাঁওসমূহ কৰ্তন কৰাৰ বাবে দাবী উত্থাপন কৰে আৰু লগতে কমতাপুৰ অট'নমাচ আইন মানি ইনটেৰিম কাউন্সিল গঠনৰ বাবেও দাবী জনায় ৷
উল্লিখিত দাবী সমূহৰ উপৰিও সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীয়ে বিটিআৰৰ পৰা গাঁও কৰ্তন প্ৰক্ৰিয়া চলি থকাৰ সময়তে মন্ত্ৰী চন্দন ব্ৰহ্ম গাঁও সমূহ কৰ্তন নকৰাৰ এক চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰী গৰাকীক এনে ধৰণৰ চক্ৰান্তৰ পৰা বিৰত থাকিবলৈ সকিয়নী প্ৰদান কৰে ৷
লগতে পঢ়ক:বিজনীত অগপৰ বিশাল বাইক ৰেলী