ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ বঙাইগাঁও সদৰ
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচীত ধৰ্ষণকাৰীৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ দাবী তোলা হয় ৷
বঙাইগাঁও,9 জুনঃ বঙাইগাঁৱত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ । জিলা সদৰ বঙাইগাঁৱৰ বৰপাৰাৰ ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । শেহতীয়াকৈ সংঘটিত হোৱা টুইংকল শৰ্মাৰ ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে । ৰাজ্যত সঘনাই হৈ থকা সকলো ধৰণৰ ধৰ্ষণৰ অপৰাধীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে । এই ধৰ্ষণকাৰী সকলক শাস্তি দিয়াৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ বিফল হোৱাৰ অভিযোগ তুলি ধৰ্ষণকাৰীৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী কৰাৰ লগতে ফাষ্টট্ৰেক আদালতৰ ৰায় যোগে ফাঁচীৰ দাবী জনায় ধৰ্ষণকাৰীৰ ৷