অসম

assam

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 9:03 PM IST

ETV Bharat / state

Khel Maharan 2023: মাণিকপুৰত খেল মহাৰণ আৰম্ভ

ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈসকলক উচাহ প্ৰদান কৰাাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰম্ভ কৰিছে খেল মহাৰণ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অৰ্ন্তগত সকলো গাঁও পঞ্চায়ততো আৰম্ভ কৰা হয় 'খেল মহাৰণ' ।

Khel Maharan begins in Manikpur
মাণিকপুৰত খেল মহাৰণ আৰম্ভ

মাণিকপুৰত খেল মহাৰণ আৰম্ভ

বঙাইগাঁও,১১ নৱেম্বৰ:ৰাজ্যৰ ক্ৰীড়া জগতত এক নতুন দিগন্তৰ সূচনা কৰি ১ নৱেম্বৰৰ পৰা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছে 'খেল মহাৰণ' । ৰাজ্য চৰকাৰে অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক বাচনি কৰি আগবঢ়াই লৈ যাবলৈ খেল মহাৰণ কাৰ্যসূচীৰ আৰম্ভ কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ সকলো গাঁও পঞ্চায়তত খেল মহাৰণ আৰম্ভ হোৱাৰ লগতে মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মানিকপুৰ,ঝাউবাৰী, পাতিলাদহা, নোৱাপাৰাৰ উপৰিও ভাণ্ডাৰা পঞ্চায়তৰ ভাণ্ডাৰা হাইস্কুল খেলপথাৰত শনিবাৰৰ পৰা ফুটবল খেলৰে প্ৰথম দিনাৰ খেল মহাৰণ আৰম্ভ কৰা হয় ।

পঞ্চায়ত এলেকাটোৰ অন্তৰ্গত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভাণ্ডাৰা হাইস্কুল খেলপথাৰত প্ৰথমে ফুটবল খেলত অংশগ্ৰহণ কৰে । অসম চৰকাৰৰ 'খেল মহাৰণ' কাৰ্যসূচীৰ জৰিয়তে গাঁও অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলে গাঁও পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ত যাতে খেলিব পাৰে । লগতে প্ৰথম দিনা ফুটবল খেলৰে আৰম্ভণি কৰি দ্বিতীয় দিনা, এথলেটিক, তৃতীয় দিনা ভলীবল, চতুৰ্থ দিনা কাবাডী আৰু শেষত পঞ্চম দিনা খো-খো খেল অনুষ্ঠিত হ'ব বুলি জনায় পঞ্চায়ত সচিবগৰাকীয়ে ।

অসম চৰকাৰৰ ক্ৰীড়া প্ৰতিযোগিতাখনত আছে ফুটবল, কাবাডী, খো-খো আৰু ভলীবলৰ লগতে বিভিন্ন খেল । উক্ত খেলত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক, ভাণ্ডাৰা গাঁও পঞ্চায়তৰ সচিব কমল কুমাৰ নায়ক, ভাণ্ডাৰা গাঁও পঞ্চায়তৰ সভাপতি জুৰান আলী আহমেদ, মাণিকপুৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাজু কুমাৰ ৰায় আৰু ৱাৰ্ড সদস্যসকলৰ লগতে পঞ্চায়ত এলেকাৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকি খেলসমূহৰ পৰিচালনা কৰি আগুৱাই লৈ যোৱা পৰিলক্ষিত হয় ।

বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে । সৰ্বমুঠ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে পঞ্চায়ত এলেকাসমূহৰ পৰা আবেদন কৰিছে । এইক্ষেত্ৰত পঞ্চায়ত সমূহৰ সভাপতি / সচিবসকলে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:Khel Maharan 2023: মন্ত্রী পীযুষ হাজৰীকাই লখিমপুৰত আৰম্ভ কৰিলে মহাৰণ

ABOUT THE AUTHOR

...view details