অসম

assam

KAC Scam : কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়ক নিলম্বন

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 9:25 PM IST

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত সংঘটিত হোৱা ভয়ংকৰ কেলেংকাৰী আৰু জালিয়াতিৰ সন্দৰ্ভত সংবাদমেল ৷ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়ক নিলম্বন ৷

KAC Press Meet Over Massive Scam of rs 100 Crore
ভয়ংকৰ কেলেংকাৰী আৰু জালিয়াতি

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সংবাদমেল

বঙাইগাঁও, 24 চেপ্টেম্বৰ : কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত সংঘটিত হোৱা ভয়ংকৰ কেলেংকাৰী আৰু জালিয়াতিৰ সন্দৰ্ভত সংবাদমেল সম্বোধন স্বায়ত্ব শাসিত পৰিষদৰ বিষয়ববীয়াৰ ৷ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবৰ চহী, চীল-মোহৰ জালিয়াতি কৰি ১০০ কোটি টকীয়া ভুৱা ৱৰ্ক অৰ্ডাৰ বহিঃৰাজ্যৰ ৫ টা প্ৰতিষ্ঠানক বৃহৎ অংকৰ বিনিময়ত প্ৰদান কৰি প্ৰৱঞ্চনা কৰা চক্ৰৰ লগত জড়িতৰ অভিযোগত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়ক নিলম্বন কৰা বুলি ঘোষণা সংবাদমেলত ৷ আইনে যেতিয়ালৈকে অভিযুক্ত কাৰ্তিক ৰায়ক নিৰ্দোষী বুলি ৰায়দান নিদিয়ে, তেতিয়ালৈকে নিলম্বন ঘোষণা কৰে KACৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনে ৷

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক হেয় প্ৰতিপন্ন কৰিব খোজা স্বায়ত্ব শাসিত পৰিষদৰ এলেকাৰ বাহিৰৰ লোকক সংবাদমেল যোগে গৰিহণা দিয়ে গকুল বৰ্মনে ৷ সংবাদমেলৰ জৰিয়তে বিশ্বজিৎ ৰায়ে নিজকে জাতিটোৰ ত্ৰাণকৰ্তা হিচাবে পৰিচয় দি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক ভংগ কৰিব খোজাৰ যি ষড়যন্ত্ৰ, লগতে আক্ৰাছুৰ শ্বহীদকলৈ বিতৰ্ক আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক জনমানসত হেয় প্ৰতিপন্ন কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদে এইবাৰ আদালতৰ কাষ চাপিব বুলিও সংবাদমেলত উল্লেখ কৰে তেওঁ ৷

দেওবাৰে অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে পৰিষদৰ সভাপতি, মুখ্য কাৰ্যবাহী সদস্যকে ধৰি কেইবাগৰাকী পাৰিষদ ৷ এই সংবাদমেলত কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়ক যেতিয়া লৈকে তেওঁ নিৰ্দোষী বুলি প্ৰমাণিত নহয়, তেতিয়ালৈকে নিলম্বন কৰা হয় বুলি ঘোষণা কৰে বিষয়ববীয়াই ৷

উল্লেখ্য যে, শেহতীয়াকৈ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত ভয়ংকৰ কেলেংকাৰী আৰু জালিয়াতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল ৷ ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই একাংশই কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত 100 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই সমগ্ৰ ঘটনাৰে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ কাৰ্তিক ৰায়ক ৷ প্ৰধান সচিবৰ চহী জালিয়াতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে কাৰ্তিক ৰায়ক ৷ ইয়াৰ পূৰ্বে ভুৱা ৱৰ্ক অৰ্ডাৰ উলিওৱা পংকজ দাস আৰু চিন্ময় সৰকাৰ নামৰ দুই প্ৰৱঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক :Drugs seized : বঙাইগাঁৱত জব্দ প্ৰায় পাঁচ লাখ টকাৰ ড্ৰাগছ

ABOUT THE AUTHOR

...view details