বঙাইগাঁও,১০আগষ্ট: সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু) আৰু কোচ ৰাজবংশীৰ বিভিন্ন সংগঠনে সূদীৰ্ঘ দিন ধৰি পৃথক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে গণতান্ত্ৰিক ভাবে আন্দোলন কৰি আহিছে যদিওঁ কেন্দ্ৰ আৰু অসমত শাসন কৰি অহা পূৰ্বৰ আৰু বৰ্তমানৰ প্ৰতিখন চৰকাৰে কোচ ৰাজবংশী সকলক কৰি আহিছে চৰম প্ৰতাৰণা ৷ সোমবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এইদৰে কলে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনৰ শীৰ্ষ নেতৃত্বই ৷
সংবাদ মেলত উপস্থিত থকা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়, কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উপদেষ্টা ত্ৰিদীপ পতি সিংহ, সভাপতি ত্ৰৈলোক্য ৰায়, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা হিতেশ্বৰ বৰ্মন, সভাপতি কৰ্মেশ্বৰ ৰায়, সাধাৰণ সম্পাদক জীৱেশ্বৰ ৰায়, কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিলে ছয় মাহৰ ভিতৰতে অসমৰ কোচ ৰাজবংশীৰ লগতে পাচঁ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা হ'ব বুলি বিভিন্ন নিৰ্বাচনী সভা, প্ৰচাৰ মাধ্যম আৰু আনকি বাতৰি কাকততো বিজ্ঞাপন দিছিল ৷
কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছতে মুৰ পোলুকা মাৰি কেন্দ্ৰৰ শাসন পাচঁ বছৰ পূৰ্ণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বই দ্বিতীয়টো কাৰ্যালত ভৰি দিলে ৷ কিন্তু কমতাপুৰ ৰাজ্যৰ দাবী ৰাজনৈতিক ভাৱে সমাধান কৰা আৰু কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আজি পৰ্যন্ত প্ৰতিশ্ৰুতিয়ে হৈ থাকিল বুলি কৈ সংবাদ মেলখনৰ জৰিয়তে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷
২০১৯ চনৰ জানুৱাৰী মাহত খৰখেদাকৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিছিল যদিও বিধেয়কখন সংসদৰ মজিয়াত গৃহীত কৰাতো দূৰৰে কথা, আলোচনাই নকৰিলে ৷ আনকি এবছু, ট্ৰাইবেল সংঘ, জনজাতি সমন্বয়ৰক্ষী সমিতিৰ বিৰোধিতা আৰু শাসনাধিষ্ঠিত চৰকাৰৰ মিত্ৰ দল বিপিএফৰ শীৰ্ষ নেতৃত্বই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰে নতুন দিল্লীলৈ গৈ তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি জনজাতিকৰণৰ বিধেয়কখনৰ তীব্ৰ বিৰোধিতাহে কৰিলে ।
ইয়াৰ পিছতেই বিষয়টো সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পাচঁ জনীয়া এটা মন্ত্ৰীগোট গঠন কৰিলে ৷ মন্ত্ৰীগোটৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাই ১৫ দিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন জমা দিয়াৰ কথা ৰাজহুৱাকৈ ব্যক্ত কৰিছিল যদিও আজি ডেৰ বছৰ পৰ্যন্ত কোনো ধৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰি সেই প্ৰতিশ্ৰুতিও ফুটুকাৰ ফেনত পৰিণত কৰিলে ৷