মাণিকপুৰ,২০ আগষ্ট : শেহতীয়াকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বিভিন্ন বিষয়ক লৈ বিতৰ্ক অব্যাহত আছে । বহুতে সন্দেহ কৰা মতে চৰকাৰে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বোৰ বন্ধ কৰাৰ চেষ্টা চলাইছে । আনহাতে চৰকাৰে দাবী কৰা মতে চৰকাৰী বিদ্যালয়ৰ শিক্ষাগত মান উন্নত কৰাৰ উদ্দেশ্যে চৰকাৰৰ পদক্ষেপ হাতত লৈছে । আনকি বিদ্যালয়ত শিক্ষকসকলৰ অনুপস্থিতি সন্দৰ্ভতো কঠোৰ হোৱাৰ কথা উল্লেখ কৰিছে চৰকাৰে ।
কিন্তু ইয়াৰ মাজতে বঙাইগাঁও জিলাৰ এখন বিদ্যালয়ত আচৰিত ঘটনা । জিলাখনৰনাম্বাৰপাৰা মজলীয়া বিদ্যালয়ত ১৩ গৰাকী শিক্ষক আছে কিন্তু শনিবাৰে তাৰ ভিতৰত ৫ গৰাকী শিক্ষকে বিদ্যালয়ত উপস্থিত নাছিল (Irregular attendance of teachers in a school in Bongaigaon)। যাৰ বাবে স্থানীয় ৰাইজে বিদ্যালয়ত উপস্থিত হৈ প্ৰধান শিক্ষকক জবাবদিহি কৰে ।
উল্লেখ্য যে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খন । একেদিনাই বিদ্যালয়খনত ৫ গৰাকীকৈ শিক্ষক উপস্থিত নথকাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় লোকসকলে । ৰাইজৰ অভিযোগ বিদ্যালয়খনত শিক্ষকসকল নিয়মিতভাৱে উপস্থিত নাথাকে (Parents protest in Bongaigaon over teachers absence)। যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে ।