উত্তৰ অভয়াপুৰী, 2 জুন : বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ ওপৰত বৰঘোলা তিলপুখুৰী পাৰঘাটত অৱস্থিত এখন আধৰুৱা দলঙৰ বুজ লয় বিধায়ক আব্দুল বাতেন খন্দকাৰে । ৪০ কোটি ৪৪ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰি থকা দলংখন আজি দহ বছৰে সম্পূৰ্ণ হৈ উঠা নাই । ২০০৯ চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত নব্বৈ শতাংশ কাম সম্পূৰ্ণ হৈছিল ।
তিলপুখুৰীৰ আধৰুৱা দলং পৰিদৰ্শন বিধায়ক আব্দুল বাতেন খন্দকাৰৰ - বৰঘোলা তিলপুখুৰী
আই নদীৰ ওপৰত থকা বৰঘোলা কাহীবাৰী পাৰঘাটৰ দলঙৰ বুজ লয় বিধায়ক আব্দুল বাতেন খন্দকাৰে । পুনৰ আৰম্ভ কৰিব নিৰ্মাণকাৰ্য ।
![তিলপুখুৰীৰ আধৰুৱা দলং পৰিদৰ্শন বিধায়ক আব্দুল বাতেন খন্দকাৰৰ incomplete-bridge-inspection-mla-abdul-baten-khandkar-at-barghola-tilpukuri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11988405-thumbnail-3x2-img.jpg)
আই নদীৰ বৰঘোলা তিলপুখুৰীস্থিত আধৰুৱা দলং পৰিদৰ্শন বিধায়ক আব্দুল বাতেন খন্দকাৰৰ
আই নদীৰ বৰঘোলা তিলপুখুৰীস্থিত আধৰুৱা দলং পৰিদৰ্শন বিধায়ক আব্দুল বাতেন খন্দকাৰৰ
কিন্তু আই নদীৰ গতি সলনি কৰাত দলংখনৰ কাম আধৰুৱা হৈ পৰি আছে । নৱ নিৰ্বাচিত বিধায়ক আব্দুল বাতেন খন্দকাৰে অসম্পূৰ্ণ দলংখন পৰিদৰ্শন কৰি কামৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত বিভাগীয় কতৃপক্ষৰ লগত আলোচনা কৰি পুণৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিব বুলি প্ৰকাশ কৰে । উল্লেখ্য যে, উক্ত দলংখনৰ বাবে প্ৰায় ৫০ খন গাঁৱৰ যাতায়ত আৰু আৰ্থ সামাজিক উন্নয়নত বাধাৰ সৃষ্টি হৈ আছে ।
লগতে পঢ়ক:এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবনে মাজুলীয়ে ?