কলগাছিয়া,১৬ মে': ৰাজ্যত অব্যাহত কাঠৰ চোৰাং বেহা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কলগাছিয়াতো আৰক্ষীৰ চকুত ধুলি দি এক দুষ্ট চক্ৰই চলাই গৈছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । নিশাৰ ভাগত অভিযান চলাই ৰঙাপানী ৰাজ্যিক ঘাইপথত আৰক্ষীয়ে জব্দ কৰে অবৈধ মূল্যবান কাঠভৰ্তি এখন টাটা ডি আই (Timber seized in Kalgachia) ।
উল্লেখযোগ্য যে, অভয়াপুৰীৰ পৰা বৰপেটা লৈ যোৱা দ্বিতীয় বিকল্প ৰাজ্যিক ঘাইপথত নিশা বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী এলেকাত বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষীয়ে তহল দি থকা অৱস্থাত AS 19 C 5609 নম্বৰৰ এখন মূল্যবান কাঠভৰ্তি টাটা ডি আই গাড়ী জব্দ কৰে । লগতে আটক কৰে গাড়ীখনৰ চালক জনক ।
কলগাছিয়াৰ ৰঙাপানী ৰাজ্যিক ঘাইপথত অবৈধ মূল্যবান কাঠভৰ্তি টাটা ডি আই গাড়ী জব্দ চোৰাং কাঠখিনি চাপৰৰ পৰা কলগাছিয়াৰ দিশে লৈ যোৱা হৈছিল বুলি গাড়ীৰ চালকজনে উল্লেখ কৰে । ইফালে জেৰাৰ অন্তত আৰক্ষীয়ে চালক জেললৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে । লগতে আৰক্ষায়ে প্ৰকাশ কৰা তথ্য অনুসৰি জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় দুই লাখ টকা হ'ব বুলি জানিব পৰা গৈছে ।
আনহাতে গাড়ীসহ চোৰাং কাঠখিনি বঙাইগাঁও বনবিভাগক চমজাই দিব বুলি মেৰেৰচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিয়ে । কাঠৰ অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসন তৎপৰ হোৱাৰ পাছতো নামনি অসমত কাৰ আশীৰ্বাদত এনে চোৰাং ব্যৱসায় চলি আছে সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে ।
লগতে পঢ়ক:কামপুৰত বানৰ বিভীষিকা; পানীৰ তলত 50 খনৰো অধিক গাঁও