অসম

assam

By

Published : Aug 27, 2022, 3:14 PM IST

ETV Bharat / state

মাণিকপুৰত অবৈধ কাঠফলা কল জব্দ

বন বিভাগৰ অভিযান সত্বেও ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। কিন্তু বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে লৈছে বিভিন্ন উপায় । একেদৰে বঙাইগাঁও জিলাতো দুষ্টচক্ৰই চলাই আছে বেহা । ইয়াৰ মাজতে জিলাখনৰ চাকলা,আউলাগুৰি আৰু বালাৰপেটত বন বিভাগে জব্দ কৰে তিনিটা অবৈধ কাঠফলা কল ।

smuggling wood seized in Assam
মাণিকপুৰত অবৈধ কাঠফলা কল জব্দ

বঙাইগাঁও, ২৭ আগষ্ট:চৰকাৰে বিগত কেইমাহমানত চোৰাং ব্য়ৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে । ইয়াৰ মাজতে ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ(Wood smuggling in Assam)। ৰাজ্য়খনৰ বিভিন্ন জিলাত বন বিভাগ আৰু আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই চোৰাং কাঠ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে(smuggling wood seized in Assam)। কিন্তু বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় । স্থলপথৰ উপৰিও জলপথেৰেও অব্যাহত ৰাখিছে কাঠৰ এই চোৰাং বেহা ।

মাণিকপুৰত অবৈধ কাঠফলা কল জব্দ

বঙাইগাঁও জিলা আই ভেলী বন উপ-সংমণ্ডলৰ(Aai Valley Forest Sub Division)বিষয়া শশী মোহন সিংহৰ নেতৃত্বত শণিবাৰে তিনিটা অবৈধ কাঠফলা কল জব্দ কৰা হয়(Illegal timber mill seized in Aai Valley Forest)। জিলাখনৰ চাকলা,আউলাগুৰি আৰু বালাৰপেটৰ পৰা এই তিনিটা অবৈধ কাঠফলা কল জব্দ কৰে । অৱশ্য়ে বন বিভাগৰ লোকে উক্ত ঘটনা সন্দৰ্ভত কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই । পিছত এই কাঠফলা কলসহ যন্ত্ৰ,ঠেলা,আদি জব্দ কৰি মানিকপুৰ উপ বন সংমণ্ডলৰ কাৰ্যালয়লৈ আনে ।

ইপিনে,মানাহ নৈত অবৈধ খনন(Illegal mining in Manah river)কৰাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা তিনিজন সাংবাদিকক আক্ৰমণ(Journalist attacked in Manah)কৰা ঘটনা সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বন বিষয়াগৰাকীয়ে । জিলা বন বিষয়াৰ লগত আলোচনা কৰি সাংবাদিকক আক্ৰমন কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিব বুলি উল্লেখ কৰে বন বিষয়াগৰাকীয়ে।

উল্লেখ্য় যে দীৰ্ঘদিন ধৰি অঞ্চলটোত বনবিভাগৰ লোকৰ লগত গোপন বুজাবুজিৰে এটা দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে কাঠফলা কল চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । অনাগত দিনত বন বিভাগৰ এই অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ বিষয়াগৰাকীয়ে।

লগতে পঢ়ক:ধুবুৰীত অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ অধিবেশন

ABOUT THE AUTHOR

...view details