বঙাইগাঁও, 21 ডিচেম্বৰ :হঠাতে সক্ৰিয় হৈ পৰিছে বন বিভাগ ৷ বঙাইগাঁও জিলাৰ গোলাপাৰাত অবৈধ কাঠফলা মিলৰ লগতে চোৰাং কাঠৰ বেহাত শেনচকু পৰিছে বন বিভাগৰ । দীৰ্ঘদিন ধৰি জিলাখনৰ ঠায়ে ঠায়ে বন বিষয়া-কৰ্মচাৰীৰ চকুত ধূলি মাৰি চলি থকা চোৰাং কাঠ ব্যৱসায়ৰ লগতে অবৈধ কাঠফলা মিলৰ বেহাত চোকা দৃষ্টি পৰিছে বন বিভাগৰ ।
দেওবাৰে বঙাইগাঁও জিলাৰ আই ভেলী সংমণ্ডলে কোকিলা আৰক্ষীৰ সহযোগত চলোৱা যৌথ অভিযানত জব্দ কৰে কাঠফলা মিলৰ লগতে প্ৰায় ৩০ হাজাৰ টকা মূল্যৰ অবৈধ কাঠৰ কুণ্ডা (Illegal Saw mill seized) ৷