যোগীঘোপা, 5এপ্ৰিলঃ যোগীঘোপাৰ টিলাপাৰাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান৷ অভিযানত এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে প্ৰায় দুই লাখ টকা মূল্যৰ শাল গছৰৰ কাঠ আৰু কুণ্ডা জব্দ কৰে বন বিভাগে।
যোগীঘোপাত জব্দ অবৈধ কাঠৰ মিল - BRAMHAPUTRA
ব্ৰহ্মপুত্ৰ আৰু চম্পাৱতী নৈৰ ওপৰদি একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰাই বন বিভাগৰ চকুত ধূলি দি চলাই গৈছে কাঠৰ ৰমৰমীয়া বেহা
যোগীঘোপাত জব্দ অবৈধ কাঠৰ মিল
৷ দীৰ্ঘদিনৰ পৰা বঙাইগাঁও জিলাৰ যোগীঘোপাত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা৷ উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ আৰু চম্পাৱতী নৈৰ ওপৰদি একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰাই বন বিভাগৰ চকুত ধূলি দি চলাই গৈছে কাঠৰ ৰমৰমীয়া বেহা । বঙাইগাঁও জিলা বন বিভাগেও মাজে সময়ে অভিযান চলাই এটাৰ পিছত আন এটা মিল জব্দ কৰিছে যদিও চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ৷