অসম

assam

ETV Bharat / state

বঙাইগাঁৱৰ নাককাটি সংৰক্ষিত বনাঞ্চলত অবাধ খনন - চিৰাং

বন বিভাগৰ অনুমতি অবিহনেই চৰকাৰক এক বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকিৰে বনাঞ্চলৰ মাটি নিউ বঙাইগাঁও-গুৱাহাটী ৰেলপথ নিৰ্মাণত ব্যৱহাৰ কৰি আহিছে প্ৰতিষ্ঠানটোৱে ৷ নীৰৱ ভূমিকাত বন বিভাগ ৷

নাককাটি সংৰক্ষিত বনাঞ্চলত অবাধ খনন

By

Published : Mar 19, 2019, 10:21 AM IST

বঙাইগাঁও, 19 মাৰ্চ : বঙাইগাঁৱৰনাককাটি সংৰক্ষিত বনাঞ্চলত চলিছে অবাধ খনন কাৰ্য । বহিঃৰাজ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠান এ বি চি ইণ্ডিয়াই সংৰক্ষিত বনাঞ্চলখনত দিনে-নিশাই চলাইছে অবৈধ খনন কাৰ্য ।

নাককাটি সংৰক্ষিত বনাঞ্চলত অবাধ খনন
বন বিভাগৰ অনুমতি অবিহনেই চৰকাৰক এক বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকিৰে বনাঞ্চলৰ মাটি নিউ বঙাইগাঁও-গুৱাহাটী ৰেলপথনিৰ্মাণতব্যৱহাৰ কৰি আহিছে প্ৰতিষ্ঠানটোৱে ৷ বহিৰাগত প্ৰতিষ্ঠানটোৰ এনে কাৰ্য দেখিও নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আহিছে বন বিভাগ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ ইপিনে বন বিভাগৰ অনুমতি অবিহনেই পাহাৰখনত খনন কাৰ্য চলি থকা বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে খোদ জিলাখনৰ বন-বিষয়া আব্দুল চালাম আৰিফে । সাংবাদিকৰ দল এটাই খননস্থলীত উপস্থিত হোৱাত সাংবাদিকৰ দল দেখি পলায়ন কৰে খনন কাৰ্য চলাই থকা কেইবাখনো ডাম্পাৰ আৰু এছকেভেটৰসহ কোম্পানীটোৰ কৰ্মচাৰীসকলে৷ এতিয়া প্ৰশ্ন হয়, বন বিভাগৰ জ্ঞাতসাৰেএই খনন কাৰ্য চলি থকা স্বত্বেও কিয় এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটোৱে ৷

ABOUT THE AUTHOR

...view details