অসম

assam

ETV Bharat / state

একেদিনাই ৰাজ্যৰ দুই স্থানত বুজন পৰিমাণৰ সোণ জব্দ - Crime news of Assam

ৰাজ্যত অবৈধ সোণ আৰু বিদেশী নোটৰ উজান । একেদিনাই ৰাজ্যৰ দুই স্থানত জব্দ বুজন পৰিমাণৰ অবৈধ সোণ তথা বিদেশী নোট(Gold seized in Assam) । নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত ৰে'ল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ সোণ । ইফালে আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ সোণসহ বিদেশী নোট ।

Huge quantity of gold seized at two places in Assam
একেদিনাই ৰাজ্যৰ দুই স্থানত বুজন পৰিমাণৰ সোণ জব্দ

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 8:51 PM IST

একেদিনাই ৰাজ্যৰ দুই স্থানত বুজন পৰিমাণৰ সোণ জব্দ

বঙাইগাঁও/গুৱাহাটী, ২৩ ডিচেম্বৰ:বছৰটো শেষৰ দিনকেইটাত ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । প্ৰান্তে প্ৰান্তে জব্দ কৰা হৈছে বিভিন্ন অবৈধ সামগ্ৰী । সমানে সক্ৰিয় হৈ উঠিছে অবৈধভাৱে সোণ সৰবৰাহকাৰী এটা চক্ৰ । শনিবাৰৰ দিনটোত গুৱাহাটী মহানগৰী আৰু বঙাইগাঁৱত জব্দ কৰা হয় বুজন পৰিমাণৰ অবৈধ সোণ ।

নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত ৰে'ল আৰক্ষীয়ে অভিযান অভিযান চলাই অবৈধভাবে সৰবৰাহ কৰা ৪০০.৫৯ গ্ৰাম সোণসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ৰে'ল আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নামনিমুৱা গুৱাহাটী-হাওৰা শৰাইঘাট এক্সপ্ৰেছত চলাইছিল এই অভিযান । সোণখিনি গুৱাহাটীৰ পৰা কলকাতালৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল বুলি জানিবপৰা গৈছে । নিউ বঙাইগাঁও জি আৰ পিৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ চৌধুৰীৰ নেতৃত্বত চলোৱা হয় এই অভিযান । জব্দকৃত সোণ খিনিৰ বজাৰ মূল্য প্ৰায় ২৪ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে । ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

ইফালে একেদিনাই গুৱাহাটী ৰে'লেৱে ষ্টেচনত বৃহৎ পৰিমাণৰ সোণৰ বিস্কুটসহ বিদেশী নোট জব্দ কৰা হয় । পূৰ্বত্তোৰ চম্পকক্ৰান্তি এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় সোণৰ বিস্কুটসহ বিদেশী নোটখিনি । সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে ৰাজস্থানৰ শ্ৰৱন সিং ৰাথোৰ, দিলীপ কুমাৰ বুলি জানিবপৰা গৈছে । শনিবাৰে পুৱা ৰে'ল আৰক্ষীয়ে পূৰ্বত্তোৰ চম্পকক্ৰান্তি এক্সপ্ৰেছত নিয়মীয়া তালাচী চলায় দুই সৰবৰাহকাৰীৰ পৰা ৬৫ খন সোণৰ বিস্কুট জব্দ কৰে, যাৰ ওজন ১.৩ কিলোগ্ৰাম ।

গুৱাহাটীত সোণ, বিদেশী নোটসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

লগতে জব্দ কৰে বুজন পৰিমাণৰ বিদেশী নোট । আৰক্ষীয়ে জব্দ কৰে ৪ খন ১০০ ডলাৰৰ নোট, ৪ খন ১০ ডলাৰৰ নোট, ১১ খন ৫ ডলাৰৰ নোট, ৫ খন ৫০ টকীয়া ভূটীয়া নোট আৰু ৫ খন ১ টকীয়া ভূটীয়া নোট । শ্ৰৱন সিং ৰাথোৰৰ পৰা ৫০ খন সোণৰ বিস্কুট আৰু দিলীপ কুমাৰৰ পৰা ১৫ খন সোণৰ বিস্কুট জব্দ কৰে ৰে'ল আৰক্ষীয়ে ।

উল্লেখ্য যে, অবৈধ সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও তাৰ ভিতৰতে এটা দুষ্টচক্ৰই ৰে'লপথেৰে অবৈধ সামগ্ৰী সৰবৰাহ কৰি আহিছে । সময়ে সময়ে ৰে'ল আৰক্ষীয়ে অভিযান চলাই নিচাজাতীয় সামগ্ৰী, সোণ আদি জব্দ কৰি আহিছে যদিও তাৰ মাজেৰে সুৰুঙা উলিয়াই দুষ্টচক্ৰই অবৈধ সামগ্ৰীৰ সৰবৰাহ অব্য়াহত ৰাখিছে ।

লগতে পঢ়ক:দুস্প্ৰাপ্য চেং মাছ উদ্ধাৰক লৈ কলগাছিয়াত চাঞ্চল্য

ABOUT THE AUTHOR

...view details