বঙাইগাঁও, 26 আগষ্ট : ৰাজ্যৰ নগৰাঞ্চল আৰু গ্ৰামাঞ্চলত সম্প্ৰতি বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ড্ৰাগছে । যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহত পেলাইছে ড্ৰাগছে। উপাৰ্জন নথকা একাংশ যুৱ প্ৰজন্মই ড্ৰাগছ সেৱনৰ বাবে ধন নথকাত চুৰি-ডকাইত দৰে ঘটনা সংঘটিত কৰিবলৈ কুন্ঠাবোধ নকৰা হৈছে । যাৰ ফলত ৰাজ্যত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা ।
গ্ৰামাঞ্চলত নিয়োজিত প্ৰশাসনীয় ব্যক্তিসকলে এই অঞ্চলত কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে যে পৰিবেশ ভয়াবহ ফালে গতি কৰিব সেয়া নিশ্চিত । ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত কালিকুৰা দ্বিতীয় খণ্ড গাঁৱত নিষিদ্ধ ভাং খেতি কৰি একাংশই ব্যৱসায় অব্যাহত ৰাখিছে । গাঁওখনৰ অধিকাংশ লোকৰ ঘৰত কম পৰিমাণে কৰি হ’লেও ভাং খেতি কৰি থকা হৈছে ।