মাণিকপুৰ, ২৪ছেপ্টেম্বৰ:বঙাইগাওঁ জিলাৰ মাণিকপুৰত অঘটন । মাণিকপুৰ আৰক্ষী থানাখনৰ অন্তৰ্গত পূৱ গোঁসাইগাঁৱৰ কিতাপ আলী নামৰ গৃহৰক্ষী জোৱান এজনে ডাঙাইগাঁৱত যোৱা নিশা চিপ লৈ আত্মহত্যা কৰে(Home guard commits suicide in Manikpur)। এই ঘটনাক লৈ এতিয়া উক্ত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উক্ত ঘটনাৰ বিৱৰণি অনুসৰি আন দিনাৰ দৰে কালি সন্ধিয়া কিতাপ আলীয়ে কৰ্মস্থলী ঢালিগাঁৱলৈ যোৱাৰ বাবে ঘৰৰ পৰা ওলাই আহে । পৰিয়ালৰ লোকে এই সন্দৰ্ভত উল্লেখ কৰা মতে,কিতাপে কৰ্মস্থলীত উপস্থিত হয় যদিও গা বেয়া বুলি কৈ ঘৰলৈ উভতি আহে । নিশা ঘৰলৈ উভতি নহাত পৰিয়ানৰ লোকে কৰ্মস্থলীৰ সহকৰ্মীলৈ ফোন কৰে । সহকৰ্মীয়ে তেওঁ ঘৰলৈ উভতি যোবা বুলি কোৱাত পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰি নোপোৱাত চিন্তিত হয় ।