অসম

assam

ETV Bharat / state

বাঁহৰ বান্ধেৰে নৈৰ গৰাখহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ - সাংসদ আব্দুল খালেক

গাঁঠিৰ ধন খৰচ কৰি গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা স্থানীয় ৰাইজৰ । কাণসাৰ নাই জন প্ৰতিনিধিৰ ।

helpless-public-tries-to-control-erosion-by-bamboo
গৰাখহনীয়া ৰোধ কৰিবলৈ গাঠিৰ ধন খৰচ কৰিছে সৰ্বহাৰা ৰাইজে

By

Published : May 28, 2021, 8:32 AM IST

মাণিকপুৰ ,28 মে’:বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত ঘোঁৰামাৰা অঞ্চলৰ মাজেৰে বৈ যোৱা মানাহ আৰু আই নৈৰ প্ৰবল খহনীয়াৰ ফলত অঞ্চলটোৰ তিনিখন গাঁৱৰ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী, হাজাৰ হাজাৰ বিঘা মাটি ইতিমধ্যে নৈৰ বুকুত বিলীন হৈছে । এই বিষয়ে স্থানীয় সাংসদ তথা জনপ্ৰতিনিধিক ৰাইজে বাৰে বাৰে অৱগত কৰাৰ পিচতো বৰ্তমানলৈ কোনো ধৰণৰ গুৰুত্ব নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

মন কৰিব লগীয়া কথা যে, এই ঠাইখনৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত্বত অৱস্থিত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ বাসগৃহ ৷ ইফালে, বিগত লোকসভা নিৰ্বাচনৰ সময়ত নৈ খনৰ বান্ধৰ কাম সম্পূৰ্ণ কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে সাংসদ গৰাকীয়ে এডাল বাঁহ পোতাও পৰিলক্ষিত হোৱা নাই ৰাইজৰ ।

যাৰ বাবে স্থানীয় ৰাইজ তথা যুৱক সকলে ঘৰে ঘৰে গৈ দান বৰঙণি সংগ্ৰহ কৰি এই পদক্ষেপ হাতত ল’ব লগীয়া হৈছে। এতিয়া উপায়ন্তৰ হৈ সামান্য বাঁহৰ বান্ধেৰে নৈখনৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছে এই সকল দুৰ্ভগীয়া ৰাইজে ।

লগতে পঢ়ক :এটা সৰু কাগজৰ টুকুৰাৰ পৰা লাখপতি হ'ল আদিল খান

ABOUT THE AUTHOR

...view details