মানিকপুৰ, 19 জুলাই :পুত্ৰৰ প্ৰাণভিক্ষা খুজি এগৰাকী মাতৃয়ে কান্দি উঠিলে কেমেৰাৰ সন্মুখত ( Manikpur Child Patient) ৷ "আমাক সহায় কৰক, আমাৰ জীৱিকাৰ যি পথ আছিল সেয়াও মাৰ যাওঁ যাওঁ ৷ আমাৰ যিমান মাটি-বাৰী আছিল সকলো বিক্ৰী কৰি দিলো ৷"
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং বাশবাৰীৰ এটি ডেৰ বছৰীয়া শিশু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিছে ৷ নিত্য চন্দ্ৰ দাসৰ ডেৰ বছৰীয়া একমাত্ৰ পুত্ৰ সন্তান সৌৰভ দাস জন্মৰ পিছৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় (Helpless mother request to beg son life) ৷
ফুটপাথত দোকান এখন দি কোনোমতে পৰিয়ালটো পোহপাল দিয়া নিত্য চন্দ্ৰ দাসে পুত্ৰৰ চিকিৎসাৰ বাবে বঙাইগাঁও, গুৱাহাটীৰ লগতে ৰাজস্থানৰ উদয়পুৰ নাৰায়ণ সেৱা চিকিৎসালয়ত চিকিৎসা কৰিও কোনোধৰণৰ সুফল পোৱা নাই ( Children suffering from incurable diseases) ৷ শিশুটোক চিকিৎসা কৰিবলৈ এতিয়া পৰিয়ালটোক প্ৰয়োজন বহুতো ধনৰ ৷