অসম

assam

ETV Bharat / state

লক-ডাউনৰ বাবে চাইকেলৰে পশ্চিমবংগলৈ যাত্ৰা শ্ৰমিকৰ - চক্ৰ বিষয়া

লক-ডাউনৰ বাবে উপায়ন্তৰ হৈ চাইকেলৰে নিজ গৃহলৈ যাবলৈ সাজু শ্ৰমিক ৷ হোজাইৰ পৰা পশ্চিমবংগৰ মুৰ্চিদাবাদলৈ যাত্ৰা কৰা 19 গৰাকী শ্ৰমিকক সৰভোগৰ মৰ্ডান একাডেমীত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে থকা-খোৱাৰ ব্যৱস্থা কৰে প্ৰশাসনে ৷

Health test for labour in bongaigaon
লক-ডাউনৰ বাবে চাইকেলৰে পশ্চিমবংগলৈ যাত্ৰা শ্ৰমিকৰ

By

Published : Apr 29, 2020, 11:35 AM IST

বৰপেটৰোড, 29 এপ্ৰিল: লক-ডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ দেশত লক-ডাউন অব্যাহত থকাৰ সময়তে হোজাই লংকাৰ পৰা চাইকেল চলাই পশ্চিম বংগৰ মুৰ্চিদাবাদলৈ যাত্ৰা কৰা 19 জন শ্ৰমিক মঙ্গলবাৰে নিশা সৰভোগত উপস্থিত হয় ৷ কৰ্মসূত্ৰে অসমত থকা পশ্চিমবংগৰ এই 19 জন শ্ৰমিকে 26 এপ্ৰিলত হোজাইৰ লংকাৰ পৰা চাইকেলেৰে পশ্চিমবংগলৈ যাত্ৰা আৰম্ভ কৰে । প্ৰাপ্ত তথ্য অনুসৰি 28 এপ্ৰিলৰ দিনৰ 11 বজাত সৰভোগ আৰক্ষী থানাৰ এলেকা পাৰ হৈ বঙাইগাওঁ জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ এলেকা পোৱাত মাণিকপুৰ আৰক্ষীয়ে শ্ৰমিক কেইজনক ৰাজপথত আৱদ্ধ কৰি ৰাখে ৷

স্বাস্থ্য পৰীক্ষা কৰি থকা অৱস্থাত

এই খবৰ পোৱাৰ পিছতেই বৰপেটাৰ বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শান্তনা বৰা আৰু সৰভোগ আৰক্ষী থানাৰ পৰিদৰ্শক সঞ্জীৱ কুমাৰ দাস উক্ত ঠাইত উপস্থিত হৈ শ্ৰমিক কেইজনক খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰিও সৰভোগৰ মৰ্ডান একাডেমীত থকা চিকিৎসা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে ৷ আনহাতে বিষয়া দুগৰাকীয়ে শ্ৰমিক কেইজনৰ থকা খোৱাৰ সকলো ব্যৱস্থা কৰি দিয়ে ৷

লক-ডাউনৰ বাবে উপায়ন্তৰ হৈ চাইকেলৰে নিজ গৃহলৈ যাবলৈ সাজু শ্ৰমিক

লগতে পঢ়ক: আন্তঃ জিলা যাতায়তৰ বাবে পৰিবহণ বিভাগৰ নতুন নিয়ম

ABOUT THE AUTHOR

...view details