মাণিকপুৰ,৭ আগষ্ট: ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে(75th years of Independence of India) কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত উদযাপন কৰা "আজাদী কা অমৃত মহোৎসৱ"ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনাইছিল আহ্বান । সেই আহ্বানক সহাৰি জনাই মাণিকৰপুৰত বিশেষ পদক্ষেপ ।
ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত আৰু চি এল এফৰ সহযোগত লগতে মহিলা আত্মসহায়ক গোট সমূহে ব্যপক তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । কেন্দ্ৰীয় চৰকাৰে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো বাসগৃহতে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান জনাইছিল ।