অসম

assam

By

Published : May 2, 2023, 10:27 PM IST

ETV Bharat / state

Golden languor body Recovered: অস্তিত্বৰ সংকটত কাকৈজানাৰ দুষ্প্ৰাপ্য সোণালী বান্দৰ

সোণালী বান্দৰৰ ৰম্যভূমিখ্যাত বঙাইগাঁও জিলাৰ কাকৈজানাত কিমান সুৰক্ষিত বান্দৰসমূহ (Golden languor at Kakoijana)? এতয়ালৈ অঞ্চলটোত দুটাকৈ বান্দৰ সোণলী বান্দৰৰ মৃত্যু হয় ৷

Golden languor body Recovered
অস্তিত্বৰ সংকটত কাকৈজানাৰ দুষ্প্ৰাপ্য সোণালী বান্দৰ

অস্তিত্বৰ সংকটত কাকৈজানাৰ দুষ্প্ৰাপ্য সোণালী বান্দৰ

অভয়াপুৰী, 2 মে’:ৰাজ্যত পুনৰ দুষ্পাপ্য সোণালী বান্দৰৰ আকষ্মিক মৃত্যু ৷ মঙলবাৰে বঙাইগাঁও জিলাৰ কাকৈজানাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটা সোণালী বান্দৰৰ মৃত্যু হয় (Golden languor body Recovered) ৷ এই ঘটনৰ পিচতে ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বান্দৰটোৰ মৃতদেহ উদ্ধাৰ কৰে ৷ বন বিভাগৰ দলটোৱে বান্দৰটোৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে (Golden languor at Kakoijana) ৷

এই ঘটনাৰ পিচতে সেউজ মাণিকপুৰৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । অঞ্চলটোত চলিত বছৰতে দুটাৰকৈ সোণালী বান্দৰৰ মৃত্যু হয় (Two golden languors death) ৷ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈ অথবা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি অঞ্চলটোত সোণালী বান্দৰৰ মৃত্যু হয় ৷ সেউজ মানিকপুৰে বন বিভাগ তথা চৰকাৰক বাৰে বাৰে এই সন্দৰ্ভত আবেদন নিবেদন কৰি আহিছে ৷ অবিভক্ত গোৱালপাৰাৰ এক মাত্ৰ হিয়াৰ আমঠু তথা এক মাত্ৰ বিলুপ্ত প্ৰায় প্ৰাণী সোণালী বান্দৰ ৷

উল্লেখ্য যে, যোৱা ২৪ ফেব্ৰুৱাৰীত পুৱা এটা সোণালী বান্দৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মৃত্যু হয় ৷ আকৌ আজি বিদ্যুৎ পৰিবাহী তাঁৰত লাগি সোণালী বান্দৰৰ মৃত্যু হয় ।

সেইবাৰে সেউজ মানিকপুৰে দুখ প্ৰকাশ কৰাৰ লগতে অতি সোনকালে সোণালী বান্দৰ ক’ৰিডৰ চিহ্নিত কৰি বেনাৰ/ পোষ্টাৰ মাৰিব লাগে বুলি দাবী উত্থাপন কৰে সম্পাদক মানৱ ৰায়ে ৷ Drive slow Golden languor ক’ৰিডৰ আৰু লগতে ক’ৰিডৰত পৰিক্ষামূলকভাৱে অ’ভাৰ ব্ৰীজৰ ব্যৱস্থা কৰিব লাগে যাতে বান্দৰসমূহে নিৰাপদে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব পাৰে বুলি দাবী উত্থাপন কৰে ৰায়ে ৷ এনেকৈ যদি সোণালী বান্দৰ মৃত্যু হয় তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই সোণালী বান্দৰ মিউজিয়ামত চাব লাগিব ৷

ৰায়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, এটা গঁড়ৰ মৃত্যু হ’লে সমগ্ৰ অসমবাসীয়ে হুলস্থুল কৰে ৷ কিন্তু সোণালী বান্দৰৰ মৃত্যু হ’লে চৰকাৰ/ বনবিভাগৰ কোনো কাণসাৰ নাই ৷ গঁড় পৃথিৱীৰ বহুত দেশত পোৱা যায় কিন্ত সোণালী বান্দৰ একমাত্ৰ অবিভক্ত গোৱালপাৰা জিলাত পোৱা যায় । তাৰোপৰি সোণালী বান্দৰ BTRৰ পৰিবহন চিহ্ন ৷ সোণালী বান্দৰৰ ৰক্ষা কৰাটো আমাৰ দ্বায়িত্ব আৰু কৰ্তব্য ৷ সোণালী বান্দৰ নামনি অসমৰ পৰ্যটনৰ একমাত্ৰ উৎস ৷ এই দুষ্পাপ্য প্ৰাণীটোক চাবলৈয়ে দেশ বিদেশৰ পৰ্যটক নামনি অসম তথা বৰপেটা, বঙাইগাঁও, কোকোৰাঝাৰ জিলালৈ আহে ৷

লগতে পঢ়ক:Small tea mills : সকাহ পাব ৰাজ্যৰ চাহ খেতিয়কে; ৰাজসাহায্যৰ ভিত্তিত স্থাপন হ’ব ক্ষুদ্ৰ কলঘৰ

এই সংক্ৰান্তত সেউজ মাণিকপুৰৰ তৰফৰ পৰা কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীক এক স্মাৰক পত্ৰ দিয়া হয় বুলি ৰায়ে অৱগত কৰে । চৰকাৰ তথা বনবিভাগলৈ কাতৰ অনুৰোধ যিকোনো বিনিময়ত যাতে প্ৰাণীবিধ ৰক্ষা কৰক ৷

ABOUT THE AUTHOR

...view details