মানিকপুৰ,১৬ ফেব্ৰুৱাৰী :গৰিয়া-মৰিয়া-দেশীসকলে বিভিন্ন সময়ত ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিন্তু এতিয়ালৈ তেওঁলোকৰ দাবীসমূহ সমাধান হোৱা নাই । যাৰবাবে পুনৰ ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন সিদ্ধান্ত লৈছে সংগঠনটোৱে । সেই অনুসৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ উদ্যোগত ৬ দিনীয়া কাৰ্যসূচীৰে বিশেষ প্ৰতিবাদী পদযাত্ৰা আয়োজন কৰা হৈছে (Garia maria deshi parishad rally in BTR)।
তাৰে অংশস্বৰূপে সংগঠনটোৰ সদস্যসকলে ১২ ফেব্ৰুৱাৰীত গোৰেশ্বৰৰ পৰা কোকৰাঝাৰলৈ এক পদযাত্ৰা বাহিৰ কৰে । মঙলবাৰে এই প্ৰতিবাদী সমদল আহি বঙাইগাঁৱৰ মানিকপুৰত উপস্থিত হয় । পদযাত্ৰাত অংশ লোৱাসকলক বুধবাৰে সৰভোগ আৰু মানিকপুৰত সংগঠনটোৰ আঞ্চলিক সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ।