মাণিকপুৰ, 22 নৱেম্বৰ :বঙাইগাঁও জিলাৰ মাণিকপুৰত সোমবাৰে গাঞ্জাসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ(Smuggler Arrest with Ganja) আৰক্ষীৰ ৷ মাণিকপুৰ থানাৰ অন্তৰ্গত 10 নং শিলগাগৰিত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে গাঞ্জা সৰবৰাহকাৰীটো । সৰবৰাহকাৰীটোৰ নাম বাছেদ আলী বুলি জানিব পৰা গৈছে ।
এক গোপন সূত্ৰৰ পম খেদি গেৰুকাবাৰী আৰক্ষীয়ে বাছেদ আলীৰ ঘৰত অভিযান চলাই এটা গাঞ্জাৰ টোপোলা জব্দ কৰিবলৈ সক্ষম হয় । বৰ্তমান মাণিকপুৰ আৰক্ষী(Manikpur Police)ৰ জিম্মাত আছে সৰবৰাহকাৰীটো । অৱশ্যে ঘটনা সংক্ৰান্তত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে মাণিকপুৰ আৰক্ষীয়ে ।
মাণিকপুৰত গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ উল্লেখ্য যে, বৰ্তমান এচাম যুৱক ড্ৰাগছ(Drugs)ৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ জীৱনক বিপন্ন কৰি তুলিছে । স্কুলীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে মদ, গাঞ্জা, গুটখা আদিৰ লগতে ড্ৰেনড্ৰাইট, ইৰিজা আদি নিচাজাতীয় সামগ্ৰীৰ প্ৰতি ইমানেই আকৰ্ষিত হৈ পৰিছে যে, এইবোৰৰ বাবে তেওঁলোক অসামাজিক কাম-কাজতো লিপ্ত হোৱা পৰিলক্ষিত হৈছে ।
এই ক্ষেত্ৰত চৰকাৰে জেহাদ ঘোষণা কৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । বিগত এবছৰত কেইবাহাজাৰ কোটি টকাৰ ড্ৰাগছ ধ্বংস কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী(Assam Police)য়ে ৷ কিন্তু তথাপিও আৰক্ষীৰ কঠোৰ নিৰ্দেশক কেৰেপ নকৰি একাংশই চলাই নিছে নিচাজাতীয় দ্ৰব্যৰ চোৰাং বেহা ৷
লগতে পঢ়ক :মাণিকপুৰত ১৭ কেজি গাঞ্জাসহ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ