বঙাইগাঁও,16 ফেব্ৰুৱাৰীঃসোমবাৰে সমগ্ৰ দেশবাসীয়ে পালন কৰিছে সিদ্ধিদাতা গণেশৰ পূজা ৷ গণেশ চতুৰ্থী উপলক্ষে ৰাজ্যৰ গণেশ মন্দিৰ সমূহত দেখা গৈছিল ভক্তৰ ভিৰ ৷ বঙাইগাঁও-অভয়াপুৰীৰ সমীপৰ এহেজাৰ বছৰ পুৰণি লালমাটি দুৰামাৰীৰ গণেশ মন্দিৰতো পুৱাৰে পৰাই ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে ৷
ৰাজ্যৰ অন্যতম গণেশ মন্দিৰসমূহৰ ভিতৰত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত লালমাটি দুৰামাৰীৰ গণেশ মন্দিৰ অন্যতম । 1000 বছৰ পুৰণি এই মন্দিৰটোৰ প্ৰতি ধৰ্মপ্ৰাণ লোকৰ অগাধ বিশ্বাস আছে । যাৰ বাবে গণেশ চতুৰ্থীৰ দিনা বাবা গণেশৰ আশীষ ল’বলৈ পুৱাৰে পৰা লোকে-লোকাৰণ্য হৈ পৰে মন্দিৰ প্ৰাংগণ ।