বঙাইগাঁও,২৫ মাৰ্চ :সময়ৰ লগে লগে সকলো ক্ষেত্ৰতে পৰিৱৰ্তন আহিছে । এতিয়া আপুনি টকাৰ বেগটো লৈ নোযোৱাকৈয়ে মোনা ভৰাই বজাৰ কৰি আনিব পাৰে । আপোনাৰ বেংক একাউণ্টতত যদি পইচা আছে আৰু হাতত যদি মোবাইল ফোনটো আছে তেনেহ'লে নগদ ধন নোহোৱাকৈয়ে আপুনি বিভিন্ন ধৰণৰ লেনদেন কৰিব পাৰে । QR code স্কেন কৰি আপুনি ছেকেণ্ডৰ ভিতৰতে টকাৰ লেনদেন কৰিব পাৰে (Online payment through QR code)।
এই ধৰণৰ অনলাইন সুবিধাবোৰ আহিছে যদিও প্ৰৱঞ্চকৰ সংখ্যাও বৃদ্ধি হৈছে । ধনৰ অনলাইন লেনদেন সুৰক্ষিত বুলি ভবা হয় যদিও আপোনাক সহজে প্ৰৱঞ্চনাও কৰিব পাৰে (Online cheating)। প্ৰৱঞ্চকৰ চক্ৰই তেনেদৰেই বহু লোকৰ পৰা কোটি কোটি টকা লুটি লৈ গৈছে । এইবাৰ তেনে এক প্ৰৱঞ্চকৰ জালত পৰিল এগৰাকী সাধাৰণ ব্যৱসায়ী । গ্ৰাহকৰ টকাৰ লেনদেনৰ বাবে QR codeৰ প্ৰিণ্ট বনাই দিয়াৰ নামত প্ৰৱঞ্চনা কৰিলে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বোৱালীমাৰী হিৰাপাৰাৰ এগৰাকী ব্যৱসায়ীক । অৱশ্যে প্ৰৱঞ্চকৰ চক্ৰটো আৰক্ষীৰ জালত পৰে ।
ভুক্তভোগী বনমালী দাস নামৰ ব্যৱসায়ীজনে জনোৱা মতে তেওঁ ৰকিবুল হুছেইন নামৰ এজন যুৱকক QR codeৰ প্ৰিণ্ট বনাই দিবলৈ কৈছিল । ব্য়ৱসায়ীজনক প্ৰৱঞ্চকৰ দলটোৱে QR code বনাই দিলে (Fraud in the name of creating QR code)। এখন পকেট কাৰ্ড লগতে চাউণ্ড বক্স QR code বনাই দিয়াৰ নামত ৰকিবুল আৰু তেওঁৰ সহযোগীয়ে ৮০০ টকাও ল'লে ব্যৱসায়ীজনৰ পৰা । ইমানলৈ ঠিকেই আছিল ।