অসম

assam

By

Published : Dec 13, 2021, 12:47 PM IST

ETV Bharat / state

Land Conflict at Balarchar : ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতিত আহত 4

দেওবাৰে বালাৰচৰত ভূমিকেন্দ্ৰিক সংঘাতক লৈ সংঘটিত হয় মাৰপিটৰ ঘটনা(Land Conflict at Balarchar) ৷ ফলত চাৰিজন লোক আহত হয় ৷

land-conflict-at-bongaigaon
বালাৰচৰত আহত 4 জন

বঙাইগাঁও, 13 ডিচেম্বৰ : বঙাইগাঁৱৰ বালাৰচৰত দেওবাৰে সংঘটিত হৈছে ভূমিকেন্দ্ৰিক সংঘাত । বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বালাৰচৰত সংঘটিত হোৱা এই ভূমিকেন্দ্ৰিক বিবাদ (Land Conflict at Balarchar) ক কেন্দ্ৰ কৰি আহত হয় 4 জনকৈ লোক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, অঞ্চলটোৰ আবুল কালাম আজাদ আৰু ছামছুল হকৰ মাজত বিষয় সন্দৰ্ভত সৃষ্টি হয় সংঘাতৰ ৷ পেছাত শিক্ষক আবুল কালাম আজাদে ছামছুল হকৰ ভূমি দীৰ্ঘদিন ধৰি অবৈধভাৱে দখল কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ পৰিণতিত ছামছুল আৰু আবুল কালাম আজাদৰ মাজত সংঘটিত হয় এই ভূমিকেন্দ্ৰিক ঘটনা ৷

বালাৰচৰত আহত 4 জন

শিক্ষক আবুল কালামৰ বিৰুদ্ধে ব্যক্তিগৰাকীয়ে অভিযোগ তৰিছে মাৰপিটৰ ৷ যাৰ ফলত ছামছুল হক, আতোৱাৰ ৰহমান, আব্দুল বাতিনৰ লগতে ছামছুলৰ পত্নীও গুৰুতৰভাৱে আহত হয় । আহতসকলক ততাতৈয়াকৈ বঙাইগাঁৱৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ কিন্তু ছামছুল হকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত বৰঘোলা আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে ৷ এই ঘটনাৰ ফলত অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে ৷

লগতে পঢ়ক:যৌতুকৰ বাবেই পত্নীক হত্যাৰ চলাইছিল স্বামী বাহাৰুল সহ পৰিয়ালে

ABOUT THE AUTHOR

...view details