বঙাইগাঁও, ১৭ অক্টোবৰ:বঙাইগাওঁ জিলাৰ ২ নং পালেংবাৰী (বগুৰিগুৰী) শ্ৰীশ্ৰী সথেশ্বৰ ঠাকুৰ নামঘৰৰ চাৰিসীমাৰ পকী বেৰ নিৰ্মাণকাৰ্যৰ সোমবাৰে শিলান্যাস কৰা হয় । শ্ৰীশ্ৰী সথেশ্বৰ ঠাকুৰ নামঘৰৰ চাৰিসীমাৰ পকী বেৰ নিৰ্মাণকাৰ্যৰ সোমবাৰে শিলান্যাস কৰে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য় প্ৰনৱজ্যোতি বৰ্মনে । অসম চৰকাৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ন বাবে যি অনুদান আগবঢ়াইছে সেই পূঁজিৰ পৰা আৱন্টিত পোৱা পাঁচ লাখ টকাৰ অনুদানেৰে নামঘৰৰ পকী বেৰ নিৰ্মাণৰ কামৰ কৰা হ'ব বুলি কয় বৰ্মনে ।
এই শিলান্যাস কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মন, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ই এম গোলাপ পাঠকৰ উপৰি গাওঁখনৰ বিশিষ্ট ব্যক্তিসকল । মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে কয় যে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ উন্নয়নমূলক কামকাজ একাংশ চকুচৰহা ব্যক্তিৰ সহ্য হোৱা নাই । সেইসকলে বিভিন্ন প্ৰকাৰে পৰিষদৰ আদৰ্শ,মান মৰ্যাদা লাঘব কৰাৰ অহৰহ চেষ্টা কৰি আছে বুলি মন্তব্য় কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে ।