অসম

assam

By

Published : Aug 20, 2021, 9:29 PM IST

ETV Bharat / state

অভয়াপুৰীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী পালন

ৰাজ্যৰ আন প্ৰান্তৰ দৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো পালন কৰা হয় প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম দিৱস ৷ দলীয় কৰ্মীসকলে কেক কাটি উদযাপন কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী জন্মদিন ৷

former-prime-minister-rajiv-gandhis-birth-anniversary-celebrated-in-abhayapuri
অভয়াপুৰীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী পালন

বঙাইগাঁও,20 আগষ্ট: শুকুৰবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো পালন কৰা হয় ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৰাজীৱ ভৱনত, টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত উদযাপন কৰা হয় প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম জয়ন্তী ৷ প্ৰয়াত নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰে টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি কেৰামত আলীয়ে ৷

ইয়াৰ পিছতে জন্ম দিনৰ লগত সংগতি ৰাখি‌ জন্মদিনৰ কেক কাটি প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিন পালন কৰা হয় ৷ লগতে শেষত এখন সভাৰো আয়োজন কৰা হয় ৷ সভাত প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ জীৱনৰাজিৰ ওপৰত আলোকপাত কৰা হয় ৷ এই অনুষ্ঠানত টাপাট্টাৰী ব্লক কংগ্ৰেছ‌ কমিটিৰ সভাপতি কেৰামত আলী, বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি মকিবুল ইছলাম, বঙাইগাঁও জিলা এন এছ ইউ আইৰ প্ৰাক্তন সভাপতি ছফিকুল ইছলাম ৷

অভয়াপুৰীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী পালন

লগতে উপস্থিত থাকে টাপাট্টাৰী ব্লক যুৱ কংগ্ৰেছ‌ কমিটিৰ সভাপতি জিয়াৰুল হকৰ লগতে দলীয় ভিন্ন পৰ্যায়ৰ কৰ্মীসকল ৷

উল্লেখ্য যে,প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম জয়ন্তী উপলক্ষে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সভাত সাৰুৱা ভাষণ ৰাখে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷ লগতে লখিমপুৰত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ উক্ত সভাত নায়কে নায়কৰ প্ৰতি সন্মান জনাব নাজেনে বুলি ক্ষোভ প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ৷

লগতে পঢ়কঃবিজেপিৰ বিৰুদ্ধে লখিমপুৰত যুদ্ধ ঘোষণা ভূপেন বৰাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details