অসম

assam

ETV Bharat / state

কৃষকৰ হাহাকাৰ: বঙাইগাঁও জিলাত শ-শ বিঘা খেতি নষ্ট - Floods have shattered dreams of many farmers in Bongaigaon

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ পথাৰৰ শ-শ বিঘা খেতিত এক আঠুলৈকে বালি । কৃষকৰ মাজত হাহাকাৰ (Bongaigaon farmers) ৷

floods-have-shattered-dreams-of-many-farmers-in-bongaigaon
কৃষকৰ হাহাকাৰ: বঙাইগাঁও জিলাৰ পথাৰৰ শশ বিঘা খেতিত এক আঠু লৈকে বালি

By

Published : Jun 25, 2022, 1:19 PM IST

বঙাইগাঁও, 25 জুন:ৰাজ্যত বানপানীৰ ফলত বহু পৰিয়ালৰ ঘৰ-বাৰীৰ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত হৈছে খেতি-পথাৰো (Flood in Bongaigaon) ৷ বানপানীয়ে তচনচ কৰিছে বহু কৃষকৰ সপোন (Floods have shattered dreams of many farmers) ৷ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত উত্তৰ অভয়াপুৰী সমষ্টিৰ খেতি পথাৰত বালিৰে পোত গৈছে শস্য ।

কৃষকৰ হাহাকাৰ: বঙাইগাঁও জিলাৰ পথাৰৰ শশ বিঘা খেতিত এক আঠু লৈকে বালি

উল্লেখ্য যে, গোলাপাৰা পথাৰৰ ধান খেতি, মৰাপাট খেতি বালিৰে পোত গৈছে । চৰকাৰী সুবিধা নোলোৱাকৈ কৃষক সকলে মূৰৰ ঘাম মাটিত পেলাই খেতি কৰিছিল যদিওঁ বানপানীয়ে সকলো নি:শেষ কৰিছে পেলাইছে । মানাহ নৈৰ পানীয়ে তচনচ কৰিছে খেতি-পথাৰৰ শস্য ৷ সেয়াহে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে ৷

বৰ্তমান কঠিয়া ৰোৱাৰ বতৰ ৷ কৃষক সকলে বানপানীৰ আগতে উন্নত মানৰ ধানৰ কঠিয়া পাৰিছিল আৰু বৈজ্ঞানিক পদ্ধতিৰে শালি খেতি ৰোৱাৰ সপোন দেখিছিল। কিন্তু বছৰৰ দ্বিতীয়টো বানপানীয়ে কৃষকৰ কামিহাৰ ভাঙি দিলে । এতিয়া কঠিয়া পাৰি খেতি কৰিবলগীয়া হ’লে সময়ৰ শৰ, সময়ত মাৰা নহ’ব । যাৰ ফলত আশানুৰূপভাৱে ফলাফল নাপাবও পাৰে।

ক্ষতিগ্ৰস্ত অঞ্চলত এতিয়ালৈকে উপস্থিত হোৱা নাই ৰাজ্যৰ বিয়াগোম কৃষি বিভাগ । সমান্তৰালকৈ কৃষকসকলৰ খবৰ ল’বলৈ কোনো জনপ্ৰতিনিধি অথবা স্থানীয় প্ৰশাসনে বৰ্তমানলকৈ কৃষকৰ মাজত উপস্থিত হোৱা নাই ৷ ক্ষতিগ্ৰস্ত কৃষকসকলক চৰকাৰী সাহাৰ্য্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে ক্ষতিগ্ৰস্ত কৃষকসকলে ৷

লগতে পঢ়ক:দ্বিতীয়টো বানত 20 সহস্ৰাধিক হেক্টৰ কৃষিভূমি বিনষ্ট

ABOUT THE AUTHOR

...view details