উত্তৰ অভয়াপুৰী, 19 জুলাই: ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বাৰিষাৰ বানে ৷ বৰ্তমানলৈকে 28 খন জিলাৰ প্ৰায় 3 লাখৰো অধিক লোক বানৰ কৱলত পৰিছে বুলি তথ্য প্ৰকাশ কৰিছে চৰকাৰে ৷ বানাক্ৰান্ত আন সমূহ জিলাৰ সমান্তৰালকৈ বানৰ কৱলত পৰি দিশহাৰা হৈছে বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ শ শ পৰিয়াল ৷ জিলাখনত আই নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বান বিভীষিকাৰ বাবে সৰ্বহাৰা হৈ পৰিছে পৰিছে প্ৰায় শতাধিক পৰিয়াল ৷
উত্তৰ অভায়াপুৰীত বানৰ সংহাৰী ৰূপ - লোক বানৰ কৱলত পৰিছে 28 খন জিলাৰ প্ৰায় 3 লাখৰো অধিক লোক
আন সমূহ জিলাৰ সমান্তৰালকৈ বানৰ কৱলত পৰি দিশহাৰা হৈছে বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ শ শ পৰিয়াল ৷
![উত্তৰ অভায়াপুৰীত বানৰ সংহাৰী ৰূপ Flood in North Abhayapuri of Bongaigaon district](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8083486-thumbnail-3x2-p1.jpg)
উত্তৰ অভায়াপুৰীত বানৰ সংহাৰী ৰূপ
উত্তৰ অভায়াপুৰীৰত বানৰ সংহাৰী ৰূপ
উল্লেখ্য যে, বিধ্বংসী আই নদীয়ে গতি সলনি কৰাত গৰাখহনীয়াৰ কবলত পৰি সৰ্বহাৰা হৈছে মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভাণ্ডাৰা গাঁৱৰ বহু পৰিয়াল ৷ ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক ক্ষতিপূৰণ দিয়াৰ লগতে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে বিভিন্ন দল-সংগঠনৰ লগতে বানাক্ৰান্ত ৰাইজে ৷
লগতে পঢ়কঃ অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন আৰ্চেনাল
Last Updated : Jul 19, 2020, 10:51 AM IST