উত্তৰ অভয়াপুৰী, 2 জুলাই : সমগ্ৰ অসমতে বানে কালৰূপ ধাৰণ কৰাৰ লগতে বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিত আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে । সৃজনগ্ৰাম ৰাজহ চক্ৰ আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত শ শ গাঁও এতিয়া পানীৰ তলত ডুব গৈছে । ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ সকলো এতিয়া পানীৰ তলত । মথাউৰিত আশ্ৰয় লৈছে হাজাৰ হাজাৰ বানাক্ৰান্ত লোকে ।
গৰু-ছাগলীৰ সৈতে একেলগে বসবাস কৰিছে বন্যাৰ্ত । এমুঠি খাদ্যৰ অভাৱত হাহাকাৰ কৰিছে বানপীড়িত লোকসকলে । বৃহত্তৰ অঞ্চলৰ পকী পথবোৰ ছিঙি যোগাযোগ বিছিন্ন হৈ পৰিছে । বিশেষকৈ সমষ্টিটোৰ কাজদহা, ভাণ্ডাৰা, বালাৰপেট, টেনটনপুৰ, কীৰ্তন পাৰা গোলাপাৰা, নাম্বাৰ পাৰা, কাছাৰপেটি, মুলবাৰী, ৰঙাপানী অঞ্চলৰ হাজাৰ হাজাৰ বানপীড়িত লোক পানীত আৱদ্ধ হৈ পৰিছে । হাজাৰ হাজাৰ বিঘা কৃষিভূমি প্লাৱিত হৈ পৰা পৰিলক্ষিত হৈছে ।