বঙাইগাঁও, 19 জুলাইঃ বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ ইতিমধ্যে জিলাখনৰ বইটামাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী ।
বঙাইগাঁৱত বানত প্লাৱিত বিস্তীৰ্ণ অঞ্চল - ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ
বঙাইগাঁৱৰ বইটামাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে বাগৰিছে পানী । ইতিমধ্যে ব্যাহত হৈ পৰিছে যাতায়ত সেৱা ৷
![বঙাইগাঁৱত বানত প্লাৱিত বিস্তীৰ্ণ অঞ্চল Flood At Bongaigaon District](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8090754-thumbnail-3x2--ban.jpg)
ৰাজ্যত দীৰ্ঘ দিন ধৰি নেৰেনেপেৰা বৰষুণৰ ফলত বিভিন্ন জিলাত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ৷ ঠিক একেদৰে বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত বৃদ্ধি পাইছে বানৰ প্ৰকোপ । ইতিমধ্যে জিলাখনৰ বইটামাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী । একেদৰেই টুলুঙীয়া অঞ্চলতো বানত ডুব গৈছে ঘৰ দুৱাৰৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি ৷ ইতিমধ্যে উক্ত অঞ্চলৰ বানাক্ৰান্ত লোকসকলে ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইফালে আশ্ৰয় শিবিৰ সমুহত পশুধনৰ লগতে তীব্ৰ খাদ্য সংকটত পৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্ত লোকসকলৰ ৷ অতি শীঘ্ৰে বানসাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে বানাক্ৰান্ত লোকসকলে ৷
লগতে পঢ়ক-ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত বানাক্ৰান্ত সাহাৰ্য প্ৰদান