অসম

assam

ETV Bharat / state

বঙাইগাঁও জিলাত বানৰ বিভীষিকা, মৃত্যু এজনৰ - বঙাইগাঁৱত বানত প্ৰাণ হেৰুৱালে এজনে

উত্তৰ অভয়াপুৰীৰ বাশবাৰীত বানে উটুৱাই নিয়াৰ ফলত মৃত্যুমুখত পৰে এজন যুৱক । আনহাতে, বঙাইগাঁৱতো বানৰ বিভীষিকা । পানীৰ তলত সোমাই পৰিছে মেৰেৰচৰ আৰক্ষী থানা । বানে উটুৱাই নিলে মথাউৰি, গড়কাপ্তানি পথ । শংকিত হৈ পৰিছে বন্যাৰ্ত ।

বঙাইগাঁও জিলাত বানৰ বিভীষিকা
বঙাইগাঁও জিলাত বানৰ বিভীষিকা

By

Published : Jul 12, 2020, 6:43 PM IST

উত্তৰ অভয়াপুৰী, 12জুলাই : ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বানৰ প্ৰকোপ ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাশবাৰীত দেওবাৰে আই নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে এজন 33 বছৰীয়া যুৱকক ৷ বানপানীয়ে বাশবাৰীত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বজাৰৰ পৰা নিজ ঘৰলৈ গৈ থকাৰ অৱস্থাত নেপাল চন্দ্ৰ মজুমদাৰ নামৰ যুৱকজন পানীত পৰে ।

বঙাইগাঁৱত বানত মৃত্যু এজনৰ

ইফালে, এছডিআৰএফৰ কোনো কৰ্মকৰ্তা নথকাৰ বাবে ৰাইজে একেলগ হৈ উদ্ধাৰ অভিযান চলাই যুৱকজনক বিচাৰি উলিয়াবলৈ সক্ষম হয় । ৰাইজে যুৱকজনক স্থানীয় স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে যুৱকজন মৃত বুলি ঘোষণা কৰে ।

সম্প্ৰতি বানপানীক লৈ শংকিত হৈ পৰিছে অঞ্চলবাসী । প্ৰতিটো মূহুৰ্তত আই নৈৰ পানী অধিক ভয়াৱহ হৈ পৰিছে । বানপীড়িত লোকসকলে এতিয়া স্থানীয় জিলা প্ৰশাসনৰ লগতে চৰকাৰৰ পৰা সাহাৰ্যৰ আহ্বান কৰিছে ।

বঙাইগাঁও জিলাত বানৰ বিভীষিকা

আনহাতে, বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলত ক্ৰমান্বয়ে অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতিৰ । ক্ৰমাৎ বৃদ্ধি পাই আছে মানাহ নৈৰ জলপৃষ্ঠ । বিপদ সীমাৰ বহু ওপৰেৰে বোৱা পানীয়ে প্লাৱিত কৰিছে ৰাস্তা-ঘাট, ঘৰ-দুৱাৰৰ লগতে বিস্তীৰ্ণ অঞ্চল । মেৰেৰচৰ আৰক্ষী থানাও এতিয়া পানীৰ তলত ।

বানৰ ফলত হাহাকাৰ কৰি ফুৰিছে ৰঙাপানী অঞ্চলৰ হাজাৰ হাজাৰ লোক । ওখ মথাউৰি বিচাৰি হাবাথুৰি খাইছে বানাক্ৰান্ত লোকসকলে । ঠায়ে ঠায়ে পকী ৰাস্তা, গড়কাপ্তানি পথ ছিঙাৰ ফলত বিছিন্ন হৈ পৰিছে যাতায়াত ব্যৱস্থা । ইফালে ভাণ্ডাৰাতো গড়কাপ্তানি পথ ছিঙি যোৱাত নতুনকৈ জলমগ্ন হৈ পৰিছে কেতবোৰ গাঁও ৷

মানাহ নৈৰ পানীয়ে নাম্বাৰপাৰা-বাংলাপাৰা সংযোগী মথাউৰি উটুৱাই নিয়াত বান বিধ্বস্ত লোকৰ অৱস্থা আৰু অধিক জটিল হৈ পৰিছে । গোলাপাৰা, বালাৰচৰ-মাত্ৰাঘোলা, বাংলাপাৰা, গনবিন্যা, আদি গাঁও সম্পূৰ্ণ ৰূপে প্লাবিত হৈ পৰিছে । ভয়াৱহ বানৰ ফলত সহস্ৰাধিক পৰিয়ালে অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে । আনহাতে, খাদ্যৰ অভাৱত পশুধনো মৃত্যু মুখত পৰিছে । ইমানৰ পিছতো চৰকাৰ তথা প্ৰশাসনৰ কেতিয়া চকু মেল খাব তাক লৈ প্ৰশ্ন হৈ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে ৷

লগতে পঢ়ক :গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰৰ জলস্তৰে

ABOUT THE AUTHOR

...view details