বঙাইগাঁও,১৮ ফ্ৰেব্ৰুৱাৰী:বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত গোলাপাৰা তৃতীয় খণ্ডত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(fire break out in Bongaigaon) । সুৰ্যভানু নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ এই ঘটনাটো । এটা বাসগৃহসহ প্ৰায় তিনি লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় অগ্নিকাণ্ডত(House burnt in massive fire break) । বৈদ্যুতিক শ্বৰ্ট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে(Massive fire break out) ।
জুইৰ লেলিহান শিখাই মুহুৰ্ততে আঁৱৰি ধৰে বাসগৃহটো । লগে লগে স্থানীয় ৰাইজে খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক । অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বাসগৃহটোৰ অধিকাংশই জুইত জাহ যায় । স্থানীয় ৰাইজৰ অভিযোগ যে নিচেই কাষতে থকা কলগাছিয়া, সৰভোগ আৰু মাণিকপুৰত যদি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী থাকিলে হেঁতেন, হয়তো ক্ষয় ক্ষতিৰ পৰিমান ইমান বৃদ্ধি নাপালে হেঁতেন(Fire incident at Golapara in Bongaigaon) ।
বঙাইগাঁও বা বিজনীৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহোতে প্ৰায় এঘন্টা সময় লাগে আৰু গাঁৱৰ বাট পথৰ অৱস্থা শোচনীয় হোৱাৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি পোৱাত অধিক সময়ৰ প্ৰয়োজন হয় । মাণিকপুৰৰ পৰা গোলাপাৰাৰ দূৰত্ব প্ৰায় ১০ কিলোমিটাৰ । মাণিকপুৰত যদি অগ্নিনিৰ্বাপক বাহিনীৰ বাহন থাকিলে হেঁতেন হয়তো দ্ৰুতগতিত জুই নিৰ্বাপন কৰিব পাৰিলে হেঁতেন ।