বঙাইগাঁও, 16 মে': বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত মোনাকোষাত শনিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত আবুল কাশেম নামৰ এজন ব্যক্তিৰ বাসগৃহ ভষ্মীভূত হয় ৷ তদুপৰি এই অগ্নিকাণ্ডত তিনিটাকৈ পশুধন জুইত জাহ যোৱাৰ লগতে পুৰি ছাঁই হয় কেইবা লাখ টকাৰ সা-সম্পত্তি ।
বঙাইগাঁও জিলাৰ মোনাকোষাত ভয়ংকৰ অগ্নিকাণ্ড - আবুল কাশেম
বঙাইগাঁও জিলাৰ মোনাকোষাত শনিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত এটা বাসগৃহ, তিনিটাকৈ পশুধনৰ লগতে জুইত জাহ যায় কেইবা লাখ টকাৰ সা-সম্পত্তি ৷

বঙাইগাঁও জিলাৰ মোনাকোষাত ভয়ংকৰ অগ্নিকাণ্ড
বৈদ্যুতিৰ শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও অগ্নি নিৰ্বাপক বাহিনী আহি নোপোৱাত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় । ভাগ্যক্ৰমে ৰক্ষা পৰে ওচৰৰ পৰিয়ালসমূহ ।
লগতে পঢ়ক:ধুবুৰীত কৰ'ণা ৰোগীক অৱজ্ঞা কৰাৰ অভিযোগ