বঙাইগাঁও,25 এপ্ৰিল: বঙাইগাঁও চহৰৰ মাজমজিয়াত হোটেল নন্দিনী ৰেস্তোৰাঁত শনিবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । নন্দিনী ৰেস্তোৰাঁৰ পাকঘৰৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।
বঙাইগাঁৱৰ হোটেল নন্দিনীত ভয়াৱহ অগ্নিকাণ্ড - বঙাইগাঁৱৰ হোটেল নন্দিনী ৰেস্তোৰাত ভয়াবহ অগ্নিকাণ্ড
বঙাইগাঁও চহৰৰ মাজমজিয়াত হোটেল নন্দিনী ৰেস্তোৰাঁত শনিবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । ৰেস্তোৰাঁখনৰ পাকঘৰৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ স্থানীয় ৰাইজৰ ।
![বঙাইগাঁৱৰ হোটেল নন্দিনীত ভয়াৱহ অগ্নিকাণ্ড বঙাইগাঁৱৰ হোটেল নন্দিনী ৰেস্তোৰাত ভয়াবহ অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11530007-thumbnail-3x2-img.jpg)
বঙাইগাঁৱৰ হোটেল নন্দিনী ৰেস্তোৰাত ভয়াবহ অগ্নিকাণ্ড
বঙাইগাঁৱৰ হোটেল নন্দিনীত ভয়াৱহ অগ্নিকাণ্ড
পৰৱৰ্তী সময়ত ৰেস্তোৰাঁখনৰ বৈদ্যুতিক ওৱেৰিং, চিমনী আৰু বহুতো আচবাবত জুই লাগে । এই দুৰ্ঘটনাত কোনো বৃহৎ ক্ষয়-ক্ষতি হোৱা নাই যদিও সদৰ চহৰৰ মাজত সংঘটিত এই অগ্নিকাণ্ডত বঙাইগাঁৱবাসীৰ মাজত আতংকৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত দমকলৰ পানী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত হোটেলৰ কৰ্মচাৰীয়ে জুই নুমুৱাবলৈ সক্ষম হয় ।