বঙাইগাঁও, 4 নৱেম্বৰ : বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্ত্তনপাৰাত নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । নিজ সন্তান বিক্ৰীৰ অভিযোগত ৰাইজৰ ৰোষত পৰি গ্ৰেপ্তাৰ হ’ল পিতৃ সন্তোষ আৰ্য ।
বালাৰচৰ গাঁৱৰ বাসিন্দা সন্তোষ আৰ্যই এমাহত নিজৰ চাৰিটাকৈ সন্তান বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে । সন্তোষ আৰ্যই মাকৰ বুকু খালি কৰি মাত্ৰ ডেৰ মাহৰ দেৱশিশুক বিক্ৰী কৰাৰ পিছত মাকে ৰাইজক ঘটনা সংক্ৰান্তত অৱগত কৰে ৷