মাণিকপুৰ, 19 অক্টোবৰ :বঙাইগাঁও জিলাৰ মৌখোৱা চানেকি সংঘৰ সৌজন্যত দাতা ফকৰুদ্দিন আলি আহমেদ আৰু ছাহাবুদ্দিন আলী আহমেদ সোঁৱৰণী প্ৰাইজমানী ও ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত মঙলবাৰে অনুষ্ঠিত হয় ৷ চূড়ান্ত খেলখনত ডেকাৰবড়ী ক্ৰীড়া সন্থাই বল্লমগুৰী এফ চি ক্লাৱক ৫-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ৷
উল্লেখযোগ্য যে, ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল ফকৰুদ্দিন আলি আহমেদ আৰু ছাহাবুদ্দিন আলী আহমেদ সোঁৱৰণী প্ৰাইজমানী ও ট্ৰফী ফুটবল প্ৰতিযোগিতাখন । এই ফুটবল প্ৰতিযোগিতাখনত মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিছিল(Prize money football tournament) । ফুটবল খেলৰ লগত সংগতি ৰাখি মাণিকপুৰ অঞ্চলৰ প্ৰবীণ ফুটবল খেলুৱৈ সত্যেশ্বৰ পাঠকক সম্বৰ্ধনা জনোৱা হয় ।
ফকৰুদ্দিন আলি আহমেদ আৰু ছাহাবুদ্দিন আলী আহমেদ সোঁৱৰণী প্ৰাইজমানী ও ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত বিশিষ্ট অতিথি উপস্থিত থাকে ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ(North Abhayapuri MLA Abdul Batin Khandakar) । প্ৰতিযোগিতাখনৰ বিজয়ী দল ডেকাৰবড়ী ক্ৰীড়া সন্থাক ট্ৰফী ও ১৫.০০০ হাজাৰ টকা মাননিৰ চেক প্ৰদান কৰে ফকৰুদ্দিন আলি আহমেদে ৷ আনহাতে বিজিত দলক ট্ৰফি ও ১০,০০০ হাজাৰ টকাৰ মাননি চেক প্ৰদান কৰে মৰহুম ছাহাবুদ্দিন আলী আহমেদৰ পুত্ৰ মজিবৰ ৰহমানে ।