অসম

assam

ETV Bharat / state

বঙাইগাঁৱত ৰোগীৰ জীৱনৰে হেঁতালি খেলিছে চিকিৎসক আলতাফ হুছেইনে - Fake doctors treating all ailments

বঙাইগাওঁ জিলাৰ পাতিলাদহাৰ ২নং ধুপুৰীত চিকিৎসক আলতাফ হুছেইনৰ অতপালি । চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈছে বহু ৰোগী । আলতাফৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী ভুক্তভোগী পৰিয়ালৰ (Fake doctors treating all ailments) । আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৷

fake-doctor-play-with-patients-life-in-bongaigaon
বঙাইগাঁৱত ৰোগীৰ জীৱনৰে হেঁতালি খেলিছে চিকিৎসক আলতাফ হুছেইনে

By

Published : Mar 31, 2022, 9:34 PM IST

বঙাইগাঁও, 31 মাৰ্চ : বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাত চিকিৎসাৰ নামত চলিছে জীৱন মৰণৰ খেল । মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং দুপুৰী গাঁৱৰ আৰিফা মেডিকেলৰ স্বত্বাধিকাৰী তথা চিকিৎসক আলতাফ হুছেইনৰ ভুল চিকিৎসাৰ বলি হৈছে ২ নং ধুপুৰী গাঁৱৰ আনোৱাৰা বেগমৰ লগতে আন কেইবাজনো ৰোগী(Fake doctor has trapped in Bangaigaon) । আনোৱাৰা বেগমে কিছুদিন পূৰ্বে কঁকালৰ বিষৰ বাবে আলতাফ হুছেইন নামৰ এই চিকিৎসকজনৰ কাষ চাপিছিল ।

আলতাফে আনোৱাৰাক কোনো পৰীক্ষা-নিৰীক্ষা নকৰাকৈ তিনিটাকৈ ইনজেকচন দিছিল । ইনজেকচন দিয়াৰ পিছৰে পৰাই আনোৱাৰাৰ অৱস্থা অধিক জটিল হৈ পৰে আৰু পাছত উন্নত চিকিৎসাৰ বাবে মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ তাৰপৰা তেওঁক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হয় । কিন্তু বঙাইগাঁৱত দুখনকৈ ব্যক্তিগত চিকিৎসালয়ত দীৰ্ঘদিন চিকিৎসা কৰি প্ৰায় ৭ লাখ টকা খৰচ কৰিও একো সুফল পোৱা নাই আনোৱাৰাই ।

ভুক্তভোগী

আলতাফৰ ভুল চিকিৎসাৰ বাবেই আনোৱাৰা বেগমে এতিয়া যমৰ যাতনা ভুগিবলগা হৈছে । ইফালে একে গাঁৱৰে আন এজনী মহিলা ৰোগীয়ে এই জন ভুৱা চিকিৎসক আলতাফৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি চকু হেৰুৱাব লগাত পৰিছে বুলিও অভিযোগ উঠিছে । এই ঘটনাক কেন্দ্ৰ কৰি গাঁৱত ৰাইজমেলৰ জৰিয়তে চিকিৎসকজনে ভুক্তভোগী পৰিয়ালক চিকিৎসাৰ বাবে এক লাখ ত্ৰিছ হাজাৰ টকা দিয়াৰ কথা আছিল যদিওঁ একাংশ দালালৰ বাবে ভুক্তভোগী পৰিয়ালে ন্যায় নাপালে ।

ঘটনা সংক্ৰান্তত ইতিমধ্যে ভুক্তভোগী পৰিয়ালে মানিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে । একাংশ দালাল চক্ৰৰ কৱলত পৰি মাণিকপুৰ আৰক্ষী মেনেজ হৈ চিকিৎসকজনক উচ্চতম ন্যায়ালয়ৰ পৰা জামিন পোৱাৰ বাবে আৰক্ষীয়ে নিৰৱতা অৱলম্বন কৰে বুলিও অভিযোগ উঠিছে । যাৰফলত চিকিৎসকজনে জামিন লাভ কৰি পুনৰ সেই একে ঠাইতে নিজৰ কৰ্ম আৰম্ভ কৰে । ইয়াকে লৈ স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইতিমধ্যে স্থানীয় লোকে এই সন্দৰ্ভত চিকিৎসকজনৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক, ড্ৰাগ ইন্সপেক্টৰ আৰু উপায়ুক্তক অভিযোগ দাখিল কৰিছে । চিকিৎসা বিজ্ঞানৰ কোনো জ্ঞান নথকা তথা কোনো অনুঞ্জাপত্ৰ নোহোৱাকৈ আলতাফ হুছেইনে চিকিৎসা চলাই যোৱাৰো অভিযোগ কৰে স্থানীয় লোকে ৷ তেওঁলোকে চিকিৎসকগৰাকীৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনায় । আনহাতে উৰ্ধতম কৰ্তৃপক্ষ আৰু প্ৰশাসনে এই সন্দৰ্ভত কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক :বিলাসীপাৰাত ভুৱা চিকিৎসক : জীৱন-মৃত্যুৰে যুঁজিছে আব্দুলে

ABOUT THE AUTHOR

...view details